পৃষ্ঠা:পদুম কুঁৱৰী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪
পদুম কুঁৱৰী

দুইৰো ভিতৰত এনে নির্ম্মল ভালপােৱাৰ দৃশ্য অতি সুন্দৰ, অতি মোহলগা। হৰদত্ত আৰু তেওঁৰ স্ত্ৰীয়ে পদুম আৰু সূৰ্য্যৰ সজ স্বভাৱ আৰু ব্যৱহাৰত সদাই পৰম অনন্দ লাভ কৰি আছিল৷

 এইদৰে কিছুকাল গল । পদুম আৰু সূৰ্য্য লাহে লাহে ডাঙৰ হৈ আহিল । বয়সৰ লগে লগে তেওঁ বিলাকৰ ভিতৰত মৰমো বঢ়ি আহিল । পদুমৰ বয়স এতিয়া চৈধ্য বছৰত আৰু সূৰ্য্যৰ ১৭ বছৰত সোমাল । কিন্তু স্বাভাৱিক পৰিবৰ্ত্তনত কোনে বাধা দিব পাৰে ? তেওঁবিলাকৰ ভিতৰত লৰাকালিৰ মৰমেই এটা অভিনৱ আকৃতি ধৰিলে । আগেয়ে দুয়ো হিয়া উবুৰিয়াই কথা নেপাতিলে নহৈছিল; এতিয়া দুয়ো একেষাৰ বা দুকেষাৰ কথাতকৈ সৰহকৈ পাতিব নোৱাৰে । আগেয়ে দুয়ো মুখলৈ চেৱা-চুই কৰি দিনটো থাকিলেও মুখৰ ভাৱ নলৰিছিল, এতিয়া চকুৱে চকুৱে এবাৰ পৰিলেই দুইৰো মুখ ৰঙ্গা লাতুমণিৰ নিচিনা হৈ যায় আৰু মূৰ তললৈ দো খাই পৰে৷ একৰামকালি এজনে এজনক ওচৰত আগত দেখিলেহে হেপাহ পলুৱাই চাব পাৰিছিল, এতিয়া এজনে এজনক আতৰৰ পৰা চালেহে মনৰ সুখেৰে হেপাহ পলুৱাই চাব পাৰে । আগয়ে এজন এজনক আগত থাকে মানে মনত ৰাখিছিল আৰু তেওঁৰ আগৰ পৰা নাইকিয়া হলে পাহৰিছিল, এতিয়া সেই জন আগৰ পৰা নাইকিয়া হলেই তেওঁৰ তেওঁলৈ বেছিকৈ মনত পৰা হল । আগৰ ভালপোৱা আৰু মৰম মুখৰ কথা-বার্ত্তাই জনাইছিল, এতিয়াৰ ভলপােৱা আৰু মৰম স্থিৰ চকু অৰু মুখৰ বৰণ সলনিরে জনায় ।

 পদুমৰ আৰু সূৰ্য্যৰ মাজত এতিয়া ভালপোৱা গৈ যৌৱন সুলভ ভালপোৱাৰ উদ্ভৱ৷ পদুমৰ ইচ্ছা, তেওঁ চিৰকালৰ যেন চুৰ কাৰ নিমিত্তে সূৰ্য্যৰ হাতত তেওঁৰ মন-প্রাণ সমৰ্পণ কৰিব; সূৰ্য্যৰ মনতো