পৃষ্ঠা:পদুম কুঁৱৰী.pdf/১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পদুম কুঁৱৰী

প্ৰথম অধ্যায়

প্ৰবেশ।

"O pale,pale now,those rosy lips"-R.Rurus.

 ৰাতি দুপৰ হৈছে। জগত নিমাত, নিস্তব্ধ। সৰু বেজি এটি হাতৰ পৰা মাটিত পৰিলেও কাণ যায়। মাজে মাজে ফেৰুৱাৰ 'ফেউ' 'ফেউ', কুকুৰৰ 'ভুক্' 'ভুক্', হুদুৰ মাত আৰু ফেঁচাৰ কুৰুলীয়ে এই নিশাৰ নিফুট ভয়-লগা ৰাতিক আৰু ভয়-লগা কৰি তুলিছে। কেতিয়াবা বতাহৰ অলপ ৰিব্‌ৰিবনিত গছ পাতবোৰ জৰজৰাই উঠিছে। আকৌ বতাহ নাইকিয়া হলত, সেইবোৰৰ ভিতৰত সাৰ-সুৰ নাইকিয়া হৈ পৰিছে, যেন নিশাই লুটি বাগৰ দিবলৈ আকৌ ঘোৰ টোপনিত নিমগ্ন হৈছে। চৰাই-চিৰিকতি, পহু পতং সকলোবোৰ টোপনিৰ কোলাত পৰি অচেতন; সকলোৱে দুখ-ভাগৰ, চিন্তা-চৰ্চ্চা এইবিলাক সেই ৰাতিৰ নিমিত্তে নিদ্ৰা