পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮৯ চনত লেখা হৈছিল। ১৮৯০ চনত ভৱানীচৰণ দত্তৰ লেনৰ মেছত ইয়াৰ ভাৱনা মই দেখিছিলো। তেতিয়া মোৰ দুয়ো ককাই-দেৱ অছিল, দেৱতা আৰু আই ও আছিল। আৰু এজনা বাইদেৱ (শ্ৰীযুতা স্বৰ্ণলতা দেবী) তেওঁৰ দুটী ছোৱালীৰে সৈতে আমি সকলো একেলগে ৬৬ মিৰ্জাপুৰ ষ্ট্ৰীটত আছিলো। সেই ভাৱনাত শ্ৰীযুত চন্দ্ৰ কুমাৰ আগৰৱালা, শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱা, শ্ৰীযুত হেমচন্দ্ৰ গো‍ঁসাই, ৺প্ৰসন্ন কুমাৰ ফুকন (৺নন্দেশ্বৰ ফুকন আৰু শ্ৰীযুতা পদ্মাৱতী ফুকননী দেবীৰ পুত্ৰ) শ্ৰীযুত গিৰিশচন্দ্ৰ বেজবৰুৱা —এওঁলোক দুয়ো কলিমন, ড্ৰমিও হৈছিল) শ্ৰীযুত বেণুধৰ ৰাজখোৱা, লক্ষেশ্বৰ শৰ্ম্মাই পাৰ্ট লৈছিল আৰু ৺দ্বাৰকেশ্বৰ শৰ্ম্মায়ো বোধ কৰোঁ “পাৰ্ট” লৈছিল। শ্ৰীযুত তাৰিণীচৰণ ভট্টাচাৰ্যয়ো লৈছিল। শ্ৰীযুত দুৰ্গাবর বরকটকীও আছিল বোধ কৰো। আৰু কোনে লৈছিল মনত নাই। সেই খিনি সময়ৰ কলিকতাৰ ছাত্ৰসকলৰ বিৱৰণ যদি কোনোবাই লেখে এতিয়া সেইবোৰ কথা পঢ়িবলৈ সকলোৰে নিশ্চয় ভাল লাগিব। কিয়নো তেওঁলোকৰ সকলোৱেই এতিয়া তেওঁলোকৰ ভিন ভিন কৰ্ম্মক্ষেত্ৰতো একো একোজন ৰথী মহাৰথী আৰু তেওঁলোকৰ প্ৰায় সকলোটিয়েই সাহিত্য ক্ষেত্ৰত এতিয়া সুপৰিচিত। ভ্ৰমৰঙ্গ এতিয়া কিনিবলৈ পোৱা যায় নে নেয়ায় কব নোৱাৰো। যদি হে নাই তেনেহলে তেওঁলোকেই কিম্বা আজি কালিৰ উঠি অহা ডেকাসকলে এই খন ছপাই এই কালর কিতাপ পঢ়োতাসকলক পঢ়িবলৈ দিয়া উচিত। নতুন বহুতো কিতাপ ওলাইছে সেই বুলি পুরণাক মৰম কৰা অনুচিত নে?

 গুৱাহাটী।
 ২৩। ৪। ১৯