পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৫)
পঞ্চৰত্ন।

দেখোন দেউতাই সেই ঘৰলৈকে রূপ আনিবলৈ পঠাই। এইখন কি হল? বাৰু যাওঁ, যেতিয়া “নিমখ” খাইছোঁ নিমখ হাৰামি নকৰোঁ। যাৱেঁই।” এই বুলি এড্ৰিয়ানাৰ ঘৰলৈ গ'ল। পাছত টকা আনি বাটত নিজ মুনিৰক পাই টকা দিয়াত এন্টিফোলাছ বিচুৰ্ত্তি হ'ল। তেতিয়াই এজনী তিৰুতা মানুহে আহি তেওঁক সম্বোধন কৰি কলে “আজি মোৰ লগত আপুনি আহাৰ কৰিছিল। মনত আছেনে? আপুনি মোক মণি এধাৰ দিব খুজিছিল।” এই এন্টিফোলাছৰ আচৰিতৰ মাত্ৰা বাঢ়ি যাব ধৰিলে। কলৈ আহিলোঁ, মোৰ কিহ’ল? ইত্যাদি ভাবিব ধৰিলে। কিয়নো তেওঁ তো এই তিৰুতা জনক কেতিয়াও দেখা নাই।

 আছল কথা হৈছে এই। ইফিছাছৰ এন্টিফোলাছৰ ঘৈণীয়েক এড্ৰিয়ানা বৰ সন্দেহী মানুহ আছিল। প্ৰত্যেক কথাতে ভাবিছিল যে তেওঁৰ গিৰীয়েকে তেওঁক ভাল নেপায়, আন কাৰোবাকহে ভাল পায়। এনেবোৰ কথালৈ মাজে মাজে দুইৰো ভিতৰত কাজিয়া লাগিছিল। সেই দিনা নিজৰ ঘৰত সোমাব নোৱাৰি মনৰ বেজাৰত আৰু ঘৈণীয়েকে এই বিষয় লৈয়েই কাজিয়া কৰি থাকে দেখি তেওঁ আন এজন তিৰুতাৰ সৈতে খাইছিল গৈ। ইউৰোপৰ ৰীতি আৰু আমাৰ ৰীতি বেলেগ। এই তিৰুতা জনে আকৌ সোণৰ মণিৰ লোভত এটা আঙ্গঠি