পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৪)
পঞ্চৰত্ন।

এতিয়া এওঁ বৰ ধনী। বাপেক যে সেই ছহৰতে বন্দী তেওঁ গমকে পোৱা নাছিল। তেওঁৰ ভায়েক সেই ছহৰ পোৱাৰ অলপ আগৈয়েই ঠিক সেই একে দিনেই এটা সোণাৰীক তেওঁ এডাল সোণৰ মণি গঢ়াবলৈ দিছিল। পাছত আনজন এন্টিফোলাছক বাটত দেখি সোণৰ মণিধাৰ দি গ'ল। তেওঁ আচৰিত হৈ লগুৱাক ক'লে “এই খন কি দেশলৈ আহিলোঁ ও বʼল ইয়াৰ পরা যাওঁ। নাৱত বস্তু বাহানী তোল গৈ।”

 সোণাৰীয়ে আকৌ কাৰাবাক কিবা অলপ ৰূপ দিব লগীয়া আছিল। সেই টকা নিদিয়াত ৰজাৰ হুকুম মতে তাক টেকেলাই ধৰিলে। সেই ঠাইতে আকৌ ইফিম্বাছৰ এণ্টিফোলাছ আছিল। তেওঁক দেখি সি ক'লে “ডাঙৰীয়া, সেই মণি ধাৰৰ বেচ এতিয়া দিলে মই রক্ষা পৰোঁ। নহ'লে মোৰ বৰ দুৰ্গতি হ'ব।” এন্টিফোলাছে ক'লে “মোক ক'ত মণি দিছিলা, মই তেনে একো বস্তু তোমাৰ পৰা পোৱা নাই।” এই বুলি দুইৰো ভিতৰত বহুত তৰ্কাতৰ্কি হোৱাৰ পাছত সোণাৰীৰ লগত ইফিম্বাছৰ এণ্টিফোলাছকো ৰজা ঘৰীয়া টেকেলাই বন্দীশাললৈ লৈ গ'ল। বাটত স্বিৰাকিউজৰ ড্ৰোমিওক লগ পাই ক'লে “যা বোপাই মাৰৰ পৰা টকা লৈ আহ গৈ। মোক ৰজাঘৰৰ বন্দীশাললৈ লৈ যাব লাগিছে।“ এই লগুৱাই ভাবিলে “আকৌ