পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৩)
পঞ্চৰত্ন।

“গিৰিয়েক” বুলি “দাবি” কৰিলে! প্ৰভু ভৃত্য দুয়ো বিষম সঙ্কটত পরিল।

 ইপিনে এই এন্টিফোলাছে খাই থাকোঁতে আনজন এণ্টিফোলাছ আহি হাজিৰ—লগত লগুৱাও! দুৱাৰ কিন্তু কোনেও নোখোলে, কিয়নো ডাঙৰিয়ানীৰ হুকুম যে ঘৰলৈ যেন কাকো আহিবলৈ দিয়া নহয়। চাকৰবোৰে কয় “ঘৰৰ গিৰিহঁতে ভিতৰত ভেজন কৰিছে এতিয়া কাৰো সৈতে দেখা নহয়।” আছল গিৰিহঁত বিষম সমস্যাত পৰিল। পাছত ঘৈণীয়েকৰ সৈতে কোনে খাইছে এই কথা ভাবি একো ঠিক কৰিব নোৱাৰিলে আৰু গালি শপনি পাৰি ঘৰৰ পৰা গুচি গ'ল। ইপিনে ভোজন কৰা এন্টিফোলাছে সেই ঘর এরি গুচি যাব পাৰিলে ৰক্ষা পৰে। কিয়নো এওঁৰ এড্ৰিয়ানাক মুঠেই ভাল নেলাগিল। লুছিয়ানাক কিন্তু ভাল লাগিছিল দেই। তাতে আকৌ ড্ৰোমিওৰো ৰান্ধনিঘৰৰ গৰাকী জনীক মুঠেই ভাল লগা নাছিল। সেই দেখি অলপ সুবিধা পোৱা মাত্ৰকে দুয়ো সেই ঘৰ এৰি গুচি গ'ল।

 এন্টিফোলাছ (ইফিম্বাছর) আৰু তেওঁৰ ড্ৰোমিওক‌ এজন ডাঙৰ মানুহে কিনি লৈছিল। পাছত সেই মানুহ জনাই সেই লৰাটীক পুহি ডাঙৰ দীঘল কৰাৰ পাছত এটা ভাল কামত লগাই দিয়ালে আৰু বিয়া বাৰুও কৰাই দিয়ালে। ঘৈণীয়েকৰ সৈতে পঢ়োঁতাৰ চিনাকী হৈছে।