পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩২)
পঞ্চৰত্ন।

একো নহ'ল।

 ইপিনে স্বিৰাকিউজৰ এণ্টিফোলাছ অতিথিশালালৈ গৈ নিজৰ লগুৱাক টকা লৈ বহি থকা দেখি মনত অলপ শান্তি পালে। কিন্তু কিহৰ শান্তি? এড্ৰিয়ানা আহি হাজিৰ! এড্ৰিয়ানাই কিমান নো খং কৰিলে! এওঁ তো আচৰিত। তেওঁ এড্ৰিয়ানাক তো কেতিয়াও দেখা নাই। “বিয়াৰ আগৈয়ে কিমান ভাল পাইছিলা। কিমান মৰম লগা কথা কৈছিলা! কিয় আগৰ দৰে ভাল নোপোৱা? কাক ভাল পোৱা কোৱাঁচোন। মই নো তোমাৰ কি কৰিলোঁ? কোৱা, মোৰ স্বামী, কোৱাঁ, কিয় আজি কালি মোক ভাল নোপোৱা?”

 “সুন্দৰী মোক কৈছা নে? মইতো তোমাক বিয়া কৰোৱা নাই। এই ছহৰলৈ মই আজিহে আহিছোঁ। আহিবৰ দুঘণ্টা মানহে হৈছে মাথোন।” ক'লে কি হ'ব? এড্ৰিয়ানা নেৰানপৰাকৈ লাগিল। বাধ্য হৈ এণ্টিফোলাছ ভায়েকৰ ঘৰলৈ যাব লগীয়াত পৰিল। তাত গৈ খালে। এড্ৰিয়ানাই “স্বামী” বুলি সম্বোধন কৰে, লুছিয়ানাই “ভিনিহিদেৱ” বুলি সম্বোধন কৰে। সাৰেই আছে নে শুই থাকি সপোন দেখিছে তাকে তত্ ধৰিবলৈ এন্টিফোলাছে টান পালে। ইপিনে লগুৱা লিগিৰি মহলত ড্ৰুমিওৰো অৱস্থা তাৰ প্ৰভুৰ দৰে হ’ল। ৰান্ধনীয়ে তাক