পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩১)
পঞ্চৰত্ন।

ঠিকঠাক্ কৰি তপ্‌তৈয়াৰ কৈ ৰখি আছে। আহক খাওক হি। চেচা হব আকৌ।“ “তই আৰু ঠাট্টা মছ্‌ক‌ৰা কৰিব নেলাগে। টকা ক'ত পেলালি, ক।” “দেউতা মই টকাৰ কথা কব নোৱাৰোঁ, আমাৰ আয়ে আপোনাক খাবলৈ মাতিছে। তাকেহে জানোঁ।” “ক'ৰ আই ও?” “কিয়, দেউতাৰ ঘৈণীয়েক নহয় হবলা?” “তোৰ সাহ বাঢ়ি গৈছে নহয় নে? তোৰে সৈতে অলপ ৰং কৰি কথা কওঁ দেখি তই মুৰত উঠিলি, নহয় নে? ক টকা ক'ত থলি?” “দেউতা, খোৱাপাতত বহি মোৰে সৈতে ৰং ধেমালি কৰি থাকিব, এতিয়া খাওকহি।” “কটাৰ পো বন্দী, কটা সাহ পাই গলি হবলা।” এই বুলি ড্ৰমিওক উৰাই-ঘুৰাই মাৰিলে। ড্ৰমিওই গৈ কলে “আই, আমাৰ ফালে আৰু আইধা হ'ল। দেউতাই মোক মাৰি কিলাই খেদাই দিলে আৰু কলে যে তেওঁৰ কোনো ঘৈণীয়েক নাই।”

 এড্ৰিয়ানাই (ইফিম্বাছৰ এণ্টিফোলাছৰ ঘৈণীয়েক) এই কথা শুনি ক'লে—“এৰা মই কৈছিলোঁ নহয়, মোক তেওঁ এতিয়া সমূলি ভাল নেপায়। আন কাৰাবাক হে ভাল পায়।” এনে বহুত কথা কৈ হাহুমুনিয়াহ কাঢ়ি চিয়ঁৰ বাখৰ কৰিবলৈ ধৰিলে। লুছিয়ানা, তেওঁৰ ভনীয়েকে, কিমাননো বুজালে, একোতে