এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ৰাজ-সংস্কৰণ
পঞ্চমী
শিলা নহয় ফুল।
(১)
“আই, বিয়া? ই কি কথা!” এই বুলি কৈয়েই পুষ্পৰ চকুলো ববলৈ ধৰিলে। তেওঁৰ জীৱনৰ অতীত ঘটনাৱলী এটি এটিকে হৃদয়ত উদয় হবলৈ ধৰিলে। সৰুতে পিতৃমাতৃহীন হৈ তেওঁ কি দৰে নিজে নিজৰ সহায় হৈ বি, এ, পাচ্ কৰি আজি এম্, এ, পঢ়িছে, তাৰ প্ৰত কাহিনীয়েই তেওঁৰ চকুলোত ভাহিবলৈ ধৰিলে।
সংসাৰত আপোন বুলিবলৈ পুষ্পৰ কেও নাই, এক মাথোন তেওঁৰ বুঢ়ীমাক। পুষ্পৰ চকুলো দেখি বুঢ়ীমাকৰে৷ চকুলো ওলাল। দুয়ো নীৰৱে ভালেমান বেলি মুখলৈ চোৱাচুইকৈ উচুপিবলৈ ধৰিলে। সেই চাহনিত ভাষা নাই:—চকুলোৱেই অব্যক্ত ভাষা। অৱশেষত বুঢ়ীমাক সুস্থিৰ হল। তেওঁ কলে:–পুষ্প, মোৰ সৰহ দিন ভাৰস্তত আয়ুস নাই, ইয়াৰ ভিতৰতে তোৰ বিয়াখন পাতি যাব পাৰিলে মোৰ কৰিব লগা কৰা হল বুলি ভাবিম।”