সমললৈ যাওক

পৃষ্ঠা:পঞ্চমী.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পঞ্চমী
 

(৮)

 ওচমানহঁতক আমাৰ ঘৰলৈ উঠি আহিবলৈ আয়ে বৰকৈ ধৰিলে। অগত্যা নিজ ভূমি এৰি ওচমানহঁত আমাৰ তালৈ উঠি আহিল। এদিন গধূলি ফুৰি আহি দেখোঁ, আমিনাই সেইদিনা জেঠমহীয়া দুপৰীয়া বহা চকিখনত বহি আছে। আৰু গফুৰে ওচৰতে ধেমালি কৰি আছে। মেজত চাকি জ্বলিব লাগিছে। মই দুৱাৰ দলিত থিয় হই দেখিলোঁ, আমিনাই একান্তমনেৰে কাগজ এটুকুৰাৰ ওপৰত কিবা লিখিছে। মই চাঁও বুলি মেজৰ ফালে হাত মেলিলোঁ। গফুৰে খিলখিলকৈ হাঁহিবলৈ ধৰিলে। এইবাৰ কিন্তু আমিনা গফুৰৰ শিক্ষয়িত্ৰী নাইবা গফুৰ লৰালিৰ ব্যাখ্যাকাৰিণী নহল। মোক দেখা মাত্ৰকে তেওঁ লাজতে মুছ্‌কছ্‌ যোৱাৰ নিচিনা হৈ গফুৰক তাতে এৰি থৈ এটি মিচিকীয়া হাঁহি মাৰি ভিতৰলৈ লৰ মাৰিলে। পাচত দেখোঁ কাগজ টুকুৰাত একাঁ-বেকাঁ পাৰ্চী আখৰেৰে লেখা আছে “আল্লাৰ ফিৰিষ্টা”। ওচমানৰ নৰিয়া শয্যাৰ কাষত পিতাকে যি খিতাপেৰে মোক অলঙ্কৃত কৰিছিল, আমিনাৰ মনত সি দকৈ চাব বহুৱালে। মই আকৌ সেই লিখাৰ তলতে “আল্লাৰ নোকৰ” লিখি গফুৰক বাইোটিয়েকৰ হাতত দিবলৈ কলোঁ। গফুৰে সেই আদেশ পালিছিল নে নাই তাৰ এতিয়ালৈকে একো প্ৰমাণ লোৱা নাই।

 আহাৰ মাহৰ আদিতে বাবাজান আৰু ওচমানৰ পিতাকে নকৈ সম্বন্ধ-পাশেৰে একেলগ হোৱা এই পৰিয়ালটিক বেজাৰত থৈ ধৰ্ম্ম-তীৰ্থ মক্কালৈ যাত্ৰা কৰিলে। ওচমান আৰু ময়ো সেই দিনাই বিদ্যা-তীৰ্থ কলিকতালৈ যাব খুজিলোঁ। কিন্তু আয়ে বৰ বেজাৰ কৰিলে। তেওঁ আমাক কাষত ৰাখি বৃদ্ধ দুইজনাই এৰি যোৱা শোক পাতলাবলৈ

৫৭