সমললৈ যাওক

পৃষ্ঠা:পঞ্চমী.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পঞ্চমী
 

হৃদয়ৰ মাজত থিয় হয় গৈ। ইয়াব মূলত অকল সৌন্দৰ্য্য নহয়, আৰু এটি গুণ আছে, সেয়েই হৈছে তৰলতা। সেই মুখত আৰ্চীৰ দৰে অন্তৰৰ ৰহস্যময় প্ৰকৃতি ফটকটীয়াকৈ প্ৰতিফলিত হয়, আৰু চকুৰ পচাৰতে মনত মুদ্ৰিত হৈ তাত থিতপীকৈ আসন পাতি লয়। দুখীয়াৰ কথা আমিনাই পঙ্কমগ্ন পদুম-পাহীৰ দৰে এটি অপৰূপ সুবিমল মাধুৰী বিলাব পাৰিছে, নেই মাধুৰী আহি মোৰ হৃদয়ত শিৰাই শিৰাই বৈ তাৰ যত কোমল ভাৱ, জয় পৰা আবেগে সকলোকে ঠন্ ধৰাই তাক এখনি সেউজীয়া বননিত ৰূপান্তৰিত কৰিলে।

 এই দুখীয়া পৰিয়ালৰ কথা মই মোৰ বৃদ্ধ পিতৃমাতৃৰ আগত সকলো ভাঙ্গি কলোঁ। লাহে লাহে দেখিলোঁ, তেওঁলোকৰ হৃদয়ত এই পৰিয়ালটিৰ পিনে মৰম বেথাৰ সোঁত ববলৈ ধৰিছে। বাবাজানে বহুত দিনৰে পৰা মক্কালৈ যাওঁ যাওঁ বুলি উচ্‌পিচাই আছিল। ম‍ই এদিন বাবাজানক কলোঁ, “আপুনি মক্কালৈ গৈ হাজী হব খুজিছে, আপুনি ইয়াত থাকি দুখীয়াৰ দুখ মোচন কৰক, তাৰে শত তীৰ্থৰ ফল লাভ হব।” বাবাজানে কলে, “নহয় বাছা, মোৰ বহুত দিনৰ বাসনা, মই এই বুঢ়া বয়সত এবাৰ আল্লাৰ মলুক চাই আহোঁগৈ। কিন্তু ইয়াৰ আগেয়ে তোৰ আৰু ভনীয়েৰৰ ঘৰখন পাতি যাব পাৰিলে ভাল আছিল।”

 তাৰ পাচত ওচ্‌মানহঁতৰ পৰিয়ালেৰে সৈতে আমাৰ অহা-যোৱা খোৱা-বোৱা চলিবলৈ ধৰিলে। মোৰ ভনীটিৰ সৰু ভনী নাই, গতিকে আমিনাক পাই ভনীটিৰ আৰু আনন্দ-চেনেহ নধৰে! ভনীটিয়ে ইমান দিনে বিকাশৰ সুযোগ নোপোৱা হৃদয়ত সঞ্চিত হৈ থকা যত মানে ভগ্নীস্নেহ গোটেইখিনি আমিনাকে সমৰ্পণ কৰিলে। ওচমানৰ

৫৫