( ৬ )
ঈশ্বৰৰ অনুগ্ৰহত ওচমানে গা ভাল পাবলৈ ধৰিলে। জেঠৰ শেহ পষত এদিন দুপৰীয়া ওচমানে প্ৰথম বিভাগত এষ্ট্ৰেঞ্চ পাচ কৰিছে বুলি টেলিগ্ৰাম পালোঁ। মই বাইচিলেত উঠি সেই দুখীয়া পৰিয়ালক এই সুখৰ বাতৰি দিলোঁগৈ। বৃদ্ধই আনন্দ পুলকৰ মাজতো চকুলোৰে সৈতে কলে, “আজি এই সুখৰ দিনত লৰাৰ মাক থাকিব লাগিছিল।” “ককাইটি পাচ হৈছে?” বুলি আমিনাই মোক ঘনে পতি সুধিবলৈ ধৰিলে। শিশু গফুৰেও সেই মহানন্দত যোগ দিলে; সি জপিয়াই নাচি নাচি ককায়েকৰ কোলাত উঠিল।
মই ইংৰাজী প্ৰথামতে ওচমানৰ হাত জোকাৰি তেওঁক অভিনন্দন কৰিলোঁ। ওচমানে কলে, “ককাইদেও, আজিকালি প্ৰথম বিভাগত পাচ কৰাৰ লেখজোখ নোহোৱাত পৰিছে। মই যদি বৃত্তি নেপাওঁ মোৰ শিক্ষা এই মানতে শাং কৰিব লাগিব।” এই খিনিতে কব লাগিব, জ্বৰৰ পাচৰেপৰা ওচমানে মোক এই ভ্ৰাতৃ-পদত অভিষিক্ত কৰি আহিছে। মই কলো,—“তোমাৰ ভয় নাই, তুমি বৃত্তি পাবা।
পৰীক্ষাৰ নম্বৰৰ নিমিত্তে ছটকা পঠিয়াই ৰেজিষ্ট্ৰাৰলৈ চিঠি লেখিলোঁ। সময়ত উত্তৰ আহিল, ওচমানে শতকৰা আশীতকৈ অধিক নম্বৰ পাইছে। এই সন্তোষজনক নম্বৰ লৈ ওচমানৰ তালৈ গলোঁ। ওচমানৰ শঙ্কা গুচিল;—তেওঁ বৃত্তি পাব বুলি স্থিৰকৈ জানিলে!
(৭)
ইতিমধ্যে আমিনাৰ সৰল মুখখনিয়ে মোৰ হৃদয়ত যুগমীয়াকৈ এটি সাঁচ বহুৱালে। এই পৃথিবীত অনেক মুখ আমাৰ চকুত পৰে, কিন্তু কেতিয়াবা তাৰে একোখন মুখ, কোৱা মেলা নাই, একেবাৰে
৫৪