সমললৈ যাওক

পৃষ্ঠা:পঞ্চমী.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পঞ্চমী
 

সুৰেৰে আৰু বহুত কলে। কেনেকৈ চৰকাৰৰ ঘৰৰপৰা বৃত্তি পাই ওচমানে পঢ়াশুনা চলাইছে, কেনেকৈ তেওঁ বাপেকৰ লগত লগ লাগি পঢ়াশুনাৰ ওপৰতো খেতিবাতিৰ ফালে মন দিছে; ওচমানে এইবাৰ পৰীক্ষা দিয়াৰ কথা ইত্যাদি।

(৫)

 বুঢ়াই শোকৰ কাহিনী শেষ কৰিলে, ম‍ই বাহিৰলৈ চকু মেলি চালোঁ;—অন্ধকাৰৰ ছয়াত চাইদড়ীয়া ভোটাতৰাটিয়ে অকলে আকাশত ট-ট কৰে জ্বলিব লাগিছে। লাহে লাহে দোকমোকালিৰ উষাৰহণেৰে পূবাকাশ ৰঞ্জিত হল, ডাৱৰৰ কিনাৰে কিনাবে অৰুণ ৰঙৰ ৰেখা পৰিল। দিন দেৱতাই উদয়-টিঙৰপৰা হেঁপাহেৰে পৃথিবীৰ ফালে চালে; সেই চাহনিত বিশ্ব-প্ৰকৃতি মোহিত হল।

 ওচমানৰ তেতিয়াও টোপনি ভঙ্গা নাই। ৰবিৰ কিৰণৰূপী দেৱতাৰ আশীৰ্ব্বাদ আহি ওচমানৰ মুখখনি উজ্বল কৰি তুলিলে। মই ওচমানৰ কপালত হাত দি চালোঁ জ্বৰ নাই। তেওঁ চকু মেলি ক্ষীণ মাতেৰে মাতিলে, “বাবাজান”, বাপেকে “কি” বাছা!” বুলি মুখত হাত ফুৰাবলৈ ধৰিলে। তাৰ পাচত ওচমানে সেহাই লাহেকৈ কলে, “ভাত।” বুঢ়াই আমিনাক মাতিবৰ মনেৰে ঘুৰি চালে,—আমিনাই ককায়েকৰ মুখে ভাতৰ নাম শুনিয়েই “বাৰু” বুলি বাবাজানৰ মুখলৈ চাই সেই খোঁটালী এৰি ৰান্ধনি-ঘৰলৈ গল। মই দুৱাৰ-মুখলৈ গৈ আমিনাক মাতি আনি কলোঁ, “গোটা ভাত খুৱাব নেলাগে, লোণেৰে ভাতৰ মাৰকে এই বেলা দিয়া যাওক।” বেমাৰীৰ ওচৰলৈ আহি তেওঁৰ কাষতে বহি কথা পাতিলোঁ, পৰীক্ষাৰ খবৰৰ কথা কলোঁ অলপতে ওলাব, এতিয়াও ওলোৱা নাই। ওচমানে সকলো

৫২