সমললৈ যাওক

পৃষ্ঠা:পঞ্চমী.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পঞ্চমী
 

তোমাৰ সমান হলহেঁতেন।” বুঢ়াৰ চকু ছলছলীয়া হল। ম‍ই বুজিলোঁ এটি পুত্ৰৰ বিয়োগ, আগত এটিৰ টান নৰিয়া, দুটি সন্তানৰ মাতৃহীন অৱস্থা ইত্যাদি দুখত বৃদ্ধৰ চকুত টোপনি অহা নাছিল। বুঢ়াৰ চকুপানী দেখি ময়ো কন্দনা-মুৱা হলো, ম‍ই কলোঁ,—“কত্তক চোন আপোনাৰ চলিমৰ কথা।” মোৰ তেতিয়৷ জ্ঞান নহৈছিল যে চলিমৰ কথা সুমবিলে বুঢ়াৰ শোক দুগুণে বাঢ়িবহে। খোটালীত তেলৰ চাকিটি জ্বলি আছিল। বুঢ়াই চুৰিয়াৰ আচলেৰে চকুলো মছি ওচমানৰ ফালে চাই কবলৈ ধৰিলে।—

 “ইয়াৰ মাকৰ লগত মোৰ যেতিয়া বিয়া হয়, নোৰ বয়স তেতিয়া ডেৰ কুৰিৰ ওচৰা-ওচৰি। চলিম আমাৰ প্ৰথম সন্তান। মোৰ বাবাজান কোম্পানীৰ আমোলত ওখ পদৰ বিষয়া আছিল। বাবাৰ ইচ্ছা-বিৰুদ্ধে বিয়া কৰাৰ বাবে ম‍ই তেওঁৰ সকলো সম্পত্তিৰ পৰা বঞ্ছিত হলোঁ। মই অতি কষ্টেৰে মোৰ দুখীয়া পৰিয়ালৰ ভাৰ চলাব ধৰিলোঁ। জীবিকাৰ আন উপায় নেপাই, মই অগত্যা খেতিত ধৰিবলৈ বাধ্য হলোঁ, তাৰে আটোম-টোকৰিকৈ গৃহসংসাৰ চলাই আছিলোঁ। চলিম সৰুৰে পৰা সকলো কামতে মোৰ সোঁহাত আছিল। তাক ম‍ই স্কুলত নাম লগাই দিলোঁ। স্কুলৰ পৰা আহি আবেলি সদায় মোৰ লগত পথাৰত কাম-বন কৰি ঘৰলৈ একে লগে উভতি আহোঁ। চলিম মোৰ কালশতুৰু পঢ়া-শুনাত বৰ বিতোপন আছিল, প্ৰতি শ্ৰেণীতে দোপত দোপে উঠি সি ওঠৰ বছৰ বয়সত ইণ্টাৰহন কিলাচত উঠিল। লৰাই পৰীক্ষা দিবলৈকো ওলাল। এদিন গধূলি ঘৰৰ পৰা ওলাই চলিমে নৈৰ দাঁতিত আন এটা লৰাৰে সৈতে কিবা গান গাইছিল। আমিনাৰ মাকে নৈৰ

৫০