সমললৈ যাওক

পৃষ্ঠা:পঞ্চমী.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পঞ্চমী
 

বটা এটিত তামোলখনচেৰেক লৈ মোৰ কাষত থিয় দি আছে। আমিনাই কলে, “আপুনি শুইছিল নে কি?” “নাই শোৱা আমিনা, এনেইহে। তুমি খোৱা নাই?” “মোৰ খোৱা হল” বুলি আমিনাই বটাৰপৰা এখনি তামোল হাতেৰে তুলি মোৰ হাতত দিলে। বাবাজানক কিবা লাগিব বুলি আনিনাই পুনৰ মোৰ চকুৰপৰা আঁতৰ হল।

 আমিনা যোৱাত সেই পুণ্যপ্ৰাণা ছোৱালীটিৰ কথাহে মোৰ কল্পনাতি উদয় হবলৈ ধৰিলে; আমিনাৰ উজ্জ্বল নীলা চকুজুৰি নিয়ৰত তিতি থকা ফুলপাহীৰ দৰে সুপৱিত্ৰ নিৰ্ম্মল মুখখনি যিমানে ভাবোঁ সিমানে মোৰ কল্পনাৰ চকুৰ আগত আমিনাৰ মুখনি আৰু উজ্জ্বল হৈ উঠিল। সৰলা আমিনাৰ প্ৰতি মোৰ কিবা এটা মৰম ভাৱ সোমাল। সেই স্নেহতৰুৰ গজালি মেলি একেদিনাখনেই তাৰপৰা কুঁহিপাত ওলাল, আৰু সেইদিনাৰ ভিতৰতে সি জক্‌মক্‌ কৈ ফুলিবলৈ ধৰিলে। এই এঘাৰ বছৰীয়া ছোৱালী আমিনা; আমি এই বয়সত ওমলাত বাজে সংসাৰৰ আন একো নেজানিছিলোঁ। আমিনাই এই কুমলীয়া বয়সতে গৃহস্থালীৰ ফালে পূৰা নজৰ ৰাখিব লাগে; ভাতপানী ৰন্ধাবঢ়া সকলো ভাবেই এই মাতৃহীনা কুমলীয়া ছোৱালীটিৰ ওপৰত; তাৰ উপৰিও আমিনাৰ সৰলতা।—মই যিমানে ভাবোঁ তিমানে আমিনাৰ প্ৰতি মোৰ মৰম চৰিবলৈ ধৰিলে—সেই মৰমত বৃদ্ধ, ওচমান গফুৰ এই ক্ষুদ্ৰ পৰিয়ালৰ সকলোৰে প্ৰতি মোৰ এটি আপোন ভাৱ উপজিল।

 মই এই স্নিগ্ধ আপোন ভাৱত বিভোৰ হৈ আছোঁ এনেতে বুঢ়াই ঘৰৰ ভিতৰ সোমাই মোৰ ফালে চাই কলে,—“বোপা তোমাৰ টোপনি অহা নাই? তুমি এই দৰেই চকিত বহি ৰাতিটো কটাবানে?

৪৮