ফুৰাই কলে,—“আইকণ তই ককাইটিয়েৰৰ ওচৰত থাকিব পাৰিবি?” মই বাধা দি কলোঁ,—নেলাগে, মই নিজে সেই ঔষধ আনোগৈ।” “নেলাগে বোপা, তোমাৰ বহুত কষ্ট হৈছে। মই গাৱঁৰ যাকে তাকে হাতে ভৰিয়ে ধৰি জিলালৈ পঠিয়াওঁগৈ।” এই বুলি বুঢ়াই মোৰ ফালে কৰুণ দৃষ্টিৰে চালে! মই দেখিলোঁ, বুঢ়াৰ চকুজুৰি পানীৰে ছলছলীয়া। সান্ত্বনা দি কলোঁ,— “নাই মোৰ অসুবিধা নহয়। মোৰ বাইচিকল আছে, মই বেগতে আহিবগৈ পাৰিম। বুঢ় সেই প্ৰস্তাৱতে মান্তি হল। ইতিমধ্যে ডাক্তৰ জিলালৈ গুচি আহিল। তেওঁ নৰিয়াক সেই অৱস্থাত এৰি অহা কাৰণে মোৰ পোনতে তেওঁলৈ অলপ অশ্ৰদ্ধাৰ ভাৱ হৈছিল। পাচত ভাবিলোঁ, ডাক্তৰৰতো আমাৰ নিচিনা আজৰি নাই, তেওঁ কত ৰোগীৰ ফালে চাব লাগে, কত ৰোগীয়ে সতৃষ্ণ নয়নে তেওঁ অহা সময়লৈ বাট চাই আছে;—অকল এজনৰ ওচৰতে দিনে-ৰাতিয়ে খপি থাকিলেতো কাম নচলে। তেওঁ যে পুৱা আহিম বুলি উপযাচি কৈছে এইবাৰে তেওঁৰ প্ৰতি মোৰ অলপ ভক্তি ভাৱ উপজিল। মই বুঢ়াক কলোঁ,—“আপ, আপুনি খোৱাবোৱাৰ দিহা কৰক, মই দেৱাই লৈ আহোঁগৈ।” এই বুলি মই ঘৰৰ পৰা ওলালোঁ। বাহিৰত নিখাৰ আন্ধাৰে তাণ্ডৱ-নৃত্য কৰিব লাগিছে। মই লেম্প জলাই বাইচিকলত উঠিলোঁ। বাটত যাওঁতে আমিনাৰ সৰল হাঁহি, গফুৰৰ অজান লৰালি, বৃদ্ধৰ চকুলো আৰু ওচ্মানৰ সেই দুৰৱস্থাৰ কথাহে মোৰ মনত পৰিবলৈ ধৰিলে।
( ৩ )
মই যেতিয়া আমাৰ ঘৰ পাওঁগৈ, তেতিয়া বাতি প্ৰায় ন’ মান বাজিছিল। মই বিধি-কাকতখন দি ঘৰৰ মানুহ এটাক ডাক্তৰ-
৪৫