সমললৈ যাওক

পৃষ্ঠা:পঞ্চমী.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

 শ্ৰীমান্ সূৰ্য্যকুমাৰ ভূঞা অধ্যাপকদেৱৰ “পঞ্চমী”ৰ পাঁচোটা গল্প তাহানি ‘উষ৷’ সাৰু ‘বাঁহীত’ ওলাইছিল। সি আজি চৈধ্য-পোন্ধৰ বছৰৰ কথা। এই গল্প কেইটাৰ সৰল স্বাভাৱিকতা আৰু ভাষালালিত্যৰ কাৰণে অসমীয়া ৰাইজে তাত বৰ সোৱাদ পাইছিল। এই চৈধ্য-পোন্ধৰ বছৰৰ ভিতৰত অসমীয়া সাহিত্যৰ ওপৰেদি অনেক প্ৰকাৰৰ বা-বতাহ বৈ গৈছে। তথাপি বোধ কৰোঁ অসমীয়া পাঠক সকলে বৰুণা, বিজুলী, শীতলা, আমিনা এই কেগৰাকী নায়িকাৰ মনোমোহা চিত্ৰ পাহৰিব পৰা নাই।

 বৰ্ত্তমান যুগৰ অসমীয়া পাঠক সকলেও এই গল্প পঢ়ি সোৱাদ, পাব।ইয়াকে আশা কৰি “পঞ্চমী” নাম দি এই পাঁচোটা গল্প ৰাইজৰ আগলৈ উলিউৱা হল। গল্প আৰু উপন্যাসৰ দ্বাৰা সাহিত্য প্ৰচাৰ কৰা বৰ সুচল কাম। ‘পঞ্চমী’ৰ প্ৰচাৰৰ লগে লগে অসমীয়া সাহিত্যৰ প্ৰতি জনসাধাৰণৰ ৰাপ বাঢ়িব, আৰু আমিও সজ-সাহিত্য প্ৰচাৰত ৰাইজৰ পৰা পৰম-সহানুভূতি পাম এই আশাতি থাকিলোঁ।

৯৪।১ আপাৰ চাৰ্কুলাৰ ৰোড,
কলিকতা। জানুৱাৰী, ১৯২৭ ইং।
  শ্ৰীদুৰ্গাধৰ বৰকটকী