সমললৈ যাওক

পৃষ্ঠা:পঞ্চমী.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পঞ্চমী
 

ঠিক এনেকুৱা কিতাপ এখন আছে। গফুৰে ভাবিছে, আপুনি চাগৈ ককাইটিৰ কিতাপখন লৈ আহিছে।” “ইঃ নহয়” বুলি গফুৰে এই বাৰ অলপ চিয়ঁৰি মাত লগালে। আমিনাই অলপ খং মুৱাকৈ গফুৰৰ ফালে চাই কলে—“গফুৰ, তই ইয়াত চিয়ঁৰিছ কিয়? মইতো ইয়াক আনিবকে নুখুজিছিলোঁ। কিন্তু মই ইয়ালৈ অহা দেখি চিয়ঁৰিবলৈ ধৰিলে। তাৰ কোঢ়ালত ককাইটিৰ জ্বৰ বাঢ়ে বুলি বাবাজানে তাকো মোৰ লগতে পঠিয়াই দিলে। নই তাক গোটেই বাটতো বোকোচাতকৈ আনিছোঁ।” পাচত গফুৰৰ ফালে চাই কলে,—“তই লোকৰ কিতাপ চুইছ কিয়? নুচুবি, ময়লা লাগিব মই কলো,—“নহয় আমিনা, চোৱকনা”, কিনো হল!”

 এনেতে ভনীটিৰ দুখন বিৰিং পাথৰৰ কাঁহীত জলপান আৰু দুই পিয়লা চাহ আনি গফুৰ আৰু আমিনাক দিলে। সিহঁতেতো একোপধ্যে নাখায়, ভনীটিয়ে কত ধৰিলে। পাচত আমিনাই সুধিলে,—“আপোনালোক জানো মছলমান?” এই সৰলমতি ছোৱালীটিৰ ইমান ধৰ্ম্মনিষ্ঠা, ইমান আগতীয়া জাতভেদ দেখি চমক খালোঁ। কিন্তু মোৰ আন্তৰিক মৰম অলপ চৰিল হে। মই মূৰ জোকাৰি কলোঁ,—“ওঁ”। তেতিয়া দুয়ো চাহত মুখ দিলে। থোৱা দেখি বৰ আনন্দ হল। ভনীটিয়ে নিজে সিহঁতৰ খোৱাৰ পিনে চকু দিলে।

 চাওঁতে চাওঁতে আবেলি হল। বিদেশত থাকোঁতে কেতিয়াবা নিজে নিজৰ ডাক্তৰ হব লাগে, সেই নিমিত্তে সাধাৰণ ব্যৱহাৰত অহা গোটাচেৰেক দৰব-পাতি মোৰ লগত সদায় থাকে। এই কেইটামান চিচি বাছি বাছি বাইচিকেলৰ মোনাত ভৰালোঁ।। ইপিনে এখন চিঠি জিলাৰ ডাক্তৰলৈ লিখি ওচমানৰ চিকিৎসাৰ নিমিত্তে তেওঁৰ ঘৰলৈ যাবলৈ

৪৩