সমললৈ যাওক

পৃষ্ঠা:পঞ্চমী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পঞ্চমী
 

বগা বকুল ফুলৰ দৰে ফট্‌ফটীয়া মুখ দুখনিৰপৰা এটি সুকোমল বিমল সৌৰভৰ ভাৱ উঠি দুপৰৰ নিমাতী শান্ত প্ৰকৃতিৰ লগত মিলি গৈছিল। এই অজান প্ৰাণী দুটিৰ এনে ‘অৱস্থা দেখি’ মোৰ বৰ দুখ লাগিল। সিহঁতক মোৰ খোটালীলৈ আনি দুখন চকিত বহুৱাই আৰু ছোৱালীটিক গামোছা এখন দি কলোঁ— “আইকন, তুমি ইয়াৰে তোমাৰ মুখ মছা আৰু ভাইটিয়েৰাৰ মুখ মছি দিয়া।” ম‍ই ভাবিছিলোঁ সিহঁতৰ ভিতৰত নিশ্চয় সোদৰ সম্বন্ধ আছে, নিলসীয়া হলে জেঠ মহীয়া চৌফলীয়া ৰদত এনেকৈ কোনেও একেলগে কষ্ট নকৰে। সিহঁতক সেই বুলি কৈয়েই মই ভিতৰলৈ গলোঁ। গৈ দেখে মোৰা ভনী ছোৱালীটিয়ে কেইজনীমান বয়স্থা ছোৱালীৰ লগ লাগি চেং খেলিছে। মই সিহঁতৰ আগত ওলাওঁতেই কেইনজীমান ছোৱালীয়ে চালুকীয়া হৰিণাৰ দৰে চকিত হৈ পলাই ফাঁট মাৰিলে। মই কলোঁ “আইটি! বাহিৰত এহাল লৰা-ছোৱালী ৰদত ঘামি-জামি লাল-কাল হৈ আহি বহি আছে। সিহঁতলৈ চাহ আৰু জলপান কৰা, বেগতে।” মই আকৌ বাজলৈ আহিলোঁ, লৰা-ছোৱালী দুট চাবলৈ মোৰ লগত ভনিটীও আহিল।

 মই আহি দেখোঁ ছোৱালীটিয়ে বৰ আগ্ৰহেৰে বাতৰি কাকতখন পঢ়িবলৈ ধৰিছে, লৰাটিয়েও মোৰ মেজত বহি একান্তমনেৰে চেম্বাৰ্চ অভিধানখনিৰ পাত লুটিয়াবলৈ ধৰিছে। লৰা-ছোৱালী দুটিৰ ইমান পঢ়াত মতি দেখি মোৰ ভনীটীয়ে অলপ মিচিকিয়ালে, তাৰ পাচত ঘৰৰ ভিতৰলৈ মোৰ আদেশ পালিবলৈ গল।

 মই চকি এখন টানি বহিলোঁ। ছোৱালীটিক, সুধিলোঁ, “তোমাৰ নাম কি আইকন?” ছোৱালীটিয়ে কলে—“আইকণেইতো মোৰ নাম।”

৪০