আমিনা।
( ১ )
ভৰ দুপৰীয়া। বাহিৰত জেঠ মাহৰ আম পকোৱা ৰদে ঝা ঝাঁ কৰিবলৈ ধৰিছে। মই আমাৰ চুৰাঘৰৰ খোটালীত এখনি অসমীয়া কাকত পঢ়ি আছোঁ। ঘৰৰ দাঁতিত থকা বকুল গছজুপিৰ পৰা মৃদু সৌৰভ আহি মোৰ গোটেই খোটালী আমোদিত কৰি তুলিছে। কলেজ বন্ধ, কাম-কাজ নাই, দুপৰীয়া হলে টোপনিয়ে হেচা মাৰি ধৰে। মই ভাবিলোঁ, আজি এই টোপনিৰ লগত থিয় যুঁজ ধৰি তাক ঘটুৱাব লাগিব; সেইদেখি বিছনাত নুশুই চকিত বহি তাৰ আয়োজন কৰিছিলোঁ; কিন্তু যিমানে মোৰ যত্ন মই তিমানে হাৰিবলৈ ধৰিলোঁ। চকিত বহাতো সেই বাতৰি কাকতৰ আখৰবিলাক মোৰ চকুত লাহে লাহে মনিব নোৱাৰা হৈ আহিল। অৱশেহত টোপনি জয়ী হৈ মোৰ শিৰত ঠাই ললে। মই সেই অৱস্থাতে কিমান পৰ আছিলোঁ কব নোৱাৰোঁ, এনেতে বাহিবত এটি কোমল কণ্ঠস্বৰ শুনি মোৰ তন্দ্ৰা ভাগিল, মই থত্মত্ খাই চকিৰপৰা উঠি চকু মোহাৰি মাত দিলোঁ—“কোন?” বাহিৰলৈ চাই দেখিলোঁ চৰাঘৰৰ দাঁতিত থকা বকুল জুপিৰ তলত দহ এবাৰ বছৰীয়া ছোৱালী এজনী আৰু চাৰি পাঁচ বছৰীয়া লৰা এটি। মোৰ মাত শুনি সিহঁত দুৱাৰমুখৰ ওচৰ চাপি ক’লে,— ‘আমি হে’।
ৰদত সিহঁতৰ মুখ দুখনি ৰঙ্গা হৈ পৰিছে, গালেদি ঘাম কৈ গৈছে।
৩৯