সমললৈ যাওক

পৃষ্ঠা:পঞ্চমী.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পঞ্চমী
 

গলেহে গৃহস্থৰ প্ৰাণ সংহাৰিব পাৰে। কেইটামান লিগিৰাই দুৱাৰ মুখত থাকি দুৱাৰ ৰক্ষা কৰিবলৈ ধৰিলে।

( ৮ )

 চাওঁতে চাওঁতে কোনোবা টলকত ৰাইজ আহি বিষয়াৰ পদূলি-মুখ পালেহি, আৰু দুৱাৰ ভাঙ্গি ভিতৰ সোমাবলৈ যো-যা কৰিলে। বিষয়াৰ লিগিৰাই অসীম সাহেৰে দুৱাৰ ৰক্ষা কৰিবলৈ ধৰিলে। কিন্তু তেওঁৰ এমুঠি লিগিৰা এই অসংখ্য প্ৰজাৰ আগত তিষ্ঠিব নোৱাৰিলে। ভালেমান লিগিৰা নিহত হল। ৰাইজ ভিতৰ সোমাল। টোলৰ ভিতৰত থকা তিৰুতাসকলৰ গগণভেদী আতাহত আকাশ পাতাল খলকি লাগিল। প্ৰজাবোৰে টোলৰ ভিতৰত সোমাই পিঁয়াপি দি বয়বস্তু লুটি অমানুষিক অত্যাচাৰ কৰিবলৈ ধৰিলে। তাৰ কথা সুৱঁৰিলে এনেহে লাগে যেন দানবাকাৰ মানহঁতৰ উপদ্ৰৱৰ সেয়ে সূচনা বা আগজাননী।

 বাকী লগুৱাই অটল-অচল হৈ বিষয়াক আগুৰি ৰক্ষা কৰিবলৈ ধৰিলে। দহ-বাৰটাৰ হাতত মুঠে একোডাল টাঙ্গোন, বাকীবোৰৰ হাতত একো নাই, গতিকে ৰাইজে সুকলমে সিহঁতক বধিলে। আটাইবোৰ লগুৱা এটা এটাকৈ নিহত হল, মাথোন ধনবৰ লিগিৰাই বিষয়াক অন্তিম কাললৈকে ৰক্ষা কৰি আছিল, হাতত ধনবৰৰ এখন চোকা তৰোৱাল, তাঁৰে সৈতে ভালেমান পৰ যুঁজি আছিল, অৱশেষত তাৰ গা অৱশ হল। হৰিগতিয়ে চেলু পাই বিষয়াৰ গালৈ শেল মাৰি পঠিয়ালে তৎক্ষণাৎ ধনবৰ লিগিৰাই একে চাবে উঠি তৰোৱালেৰে কুৰিৱাই হৰিগতিৰ প্ৰাণ অন্ত কৰিলে।

 ৰাইজৰ নেতা হৰিগতিৰ এনে মৰণ দেখি ৰাইজে ধনবৰক

৩৭