পৰা মাণিকৰ ঘৰৰ ফালে যাবলৈ ধৰিলে। প্ৰত্যেকৰ হাতে হাতে একোপাত শেল, তেওঁলোকে যেন কিবা যুঁজলৈহে যেন আগৰণুৱা হৈ ওলাইছে।
( ৭ )
বাতৰি বুলিলে বতাহতকৈয়ো বেচি বেগী, বিশেষকৈ বেয়া বাতৰি। এটিৰ মুখৰপৰা সিটিৰ মুখলৈ বাগৰি ৰাইজ অহা কথা মাণিক বিষয়াৰ ধনবৰ নামে লিগিৰাৰ কাণত পৰিলগৈ।
আবেলি সময়, বেলি এতিয়াও মাৰ যোৱা নাই। দিনদেৱতাৰ এনে গতি দেখি এনেহে উমান হয় যেন তেওঁ আজি কিবা এটা ভীষণ কাণ্ড দেখিহে সিলুটিলৈ বিদায় লব।
মাৰলঘৰত চালপীৰাত বহি আগতে ঠগী এখনত সাঁচিপতীয়া কীৰ্ত্তন পুথি এখনি থৈ মাণিক বৰাই একান্তমনে পঢ়িব লাগিছে। এনেতে ধনবৰ লিগিবাই উধাতু খাই আহি কলে,—“দেউতা ঈশ্বৰ, পলাওক। ৰাইজ মতলীয়া হৈ আপোনাক বধিবৰ মনেৰে ইয়ালৈ আহিছে।”
এই বুলি কৈয়েই ধনবৰ লিগিৰাই বিষয়াৰ ছ-কুৰি লিগিৰা লিকচৌক ধন-প্ৰাণ ৰক্ষা কৰিবৰ নিমিত্তে সাজু কৰালে। বিষয়াই পোনতে ধনবৰৰ কথা বিশ্বাস কৰা নাছিল, যি ৰাইজৰ তেওঁ হৰ্ত্তা কৰ্ত্তা বিধতা, যি ৰাইজে তেওঁক দেৱতা বুলি মানে, সেই ৰাইজ যে আজি তেওঁৰ প্ৰাণ সংহাৰ কৰিবলৈ উদ্যত হব ই বিশ্বাস নকৰিবৰে কথা।
বিষয়াৰ লিগিৰাবিলাকে টোলৰ সকলো দুৱাৰ বন্ধ কৰিলে, আৰু গিৰিহঁতক ভিতৰলৈ নি সকলোৱে বেঢ়ি ধৰিলে, যাতে সিহঁতৰ প্ৰাণ
৩৬