সমললৈ যাওক

পৃষ্ঠা:পঞ্চমী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পঞ্চমী
 

ৰাইজৰ ফাললৈ চাই কিবা কলে, তাতে সকলোৱে হয়, হয়, বুলি মত দিলে। কিবা এটা প্ৰস্তাৱ কৰা হল, তাতে সকলোৱে মান্তি হল। তাৰ পাছত সকলোৱে ফুচ্‌-ফুচ্‌-ফাচ্‌-ফাচ্‌ কৰি কথা কোৱাকুই কৰিব ধৰিলে। যাবৰ সময়ত গাঁৱৰ সাহিয়াল ডেকা কেজনমানে নামঘৰৰ একোণে পৰি থকা বাঘ-ধৰা জাল এখন মেলি-জুলি জাৰি-জোকাৰি আকৌ আগৰ ঠাইতে থৈ গল।

 হৰিগতি নেওগৰ উছতনি পাঁই সূতাৰগাওঁ আৰু পুৰণিগুদাম অঞ্চলৰ সকলো প্ৰজাই মাণিকৰ বিপক্ষে থিয় হল। তেওঁক নানা প্ৰকাৰে লাজ লঘু কৰা হল, এনে কি পূৰ্ব্বে যি মাণিকৰ কথা এষাৰত প্ৰজা নতশিৰ হৈছিল, আজি তেওঁৰ কথালৈ কোনেও কাণ নকৰা হল।

 মাণিক! তুমি স্বৰ্গদেৱৰ আজ্ঞা অনুসৰি বৰঙ্গণি তুলিছিলা আৰু ৰণুৱা গোটাইছিলা, তুমি অদ্বিতীয় ৰাজভক্ত, সেইদেখি তুমি অভগন যশোৰাশিৰ ভাগী। কিন্তু ৰাইজে তো তাক নুবুজিলে। ৰাইজে ভাবিলে তুমি মিছাকৈয়ে স্বৰ্গদেৱৰ অনুমতিৰ ছল কৰি সেই কামত হাত দিছিলা, ৰজাক ভাল লগাবলৈ আৰু সলাল গোঁহাইক ভেটি দিবলৈ, যাতে তোমাৰ আৰু খিতাপ বাঢ়ে। বিশেষকৈ যেতিয়া হৰিগতিৰ শিকনিত গাৱঁৰ উধৰ-পৰা মূধলৈকে এই বিশ্বাস মানুহৰ মনত দকৈ শিপাবলৈ ধৰিলে তেতিয়া তোমাৰ প্ৰগাঢ় ৰাজভক্তি বা প্ৰজাবাৎসল্যৰ বিষয়ে কোনেও দুয়াষাৰ কবলৈ সাহ নকৰিলে, তোমাৰ মিত্ৰসকলেও ভটীওৱা পানীত নাও মেলিবলৈকে ভাল পালে।

 মাণিক বৰাৰ বিপক্ষ দল দিনক দিনে বাঢ়িবলৈ ধৰিলে, সৱশেহত তেওঁক কেনেকৈ ইহসংসাৰৰপৰা বিদায় দিয়া হয় ইয়াকে আলচিবৰ

৩৪