(২)
১৭৪০ শঁকৰ ফাগুন মাহৰ আদিতে কলিয়াবৰ সলাল গোঁহাই আৰু তেঁওৰ প্ৰধান বিষয়া সূতাৰ গাঁৱৰ মাণিক বৰাৰ মাজত ওপৰত কোৱাৰ দৰে কথাবাৰ্ত্তা চলিছিল। আহোম-ৰবি তেতিয়া অস্তগিৰিৰ টিঙ্গনীত। ৰাজ্যৰ সৰ্ব্বনিয়ন্তা মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোঁহাই ডাঙ্গৰীয়াৰ আকস্মিক মৃত্যুত ৰাজ্যৰ ভাৰ নিশকতীয় ৰুচিনাথ বুঢ়াগোঁহাইৰ হাতত পৰিছে। ঘিণাই বদনচন্দ্ৰ বৰফুকনে মান হেন জুইৰ চৰু আনি দেশত মেলি দিছিল। প্ৰথম বাৰ মানক কোনোমতে চেঁচা হাত ফুৰাই মিত্ৰতা কৰি দেশৰপৰা বিদায় দিয়া হয়। তাৰ পাছত ৰূপচিং চুবাদাৰৰ হাতত মান অনা বৰফুকনৰ অপমৃত্যু হয়। মানৰ মিত্ৰ চন্দ্ৰকান্তক ভাঙ্গি পুৰন্দৰ সিংহক ৰজা পতা হয়, চন্দ্ৰকান্তই কটকী পঠিয়াই মানসৈন্য নিজ দেশলৈ নিমন্ত্ৰণ কৰিলে, দেশত প্ৰলয়ৰ আগন্তুক হবলৈ ধৰিলে।
(৩)
ৰুচিনাথ বুঢ়াগোঁহাই ডাঙ্গৰীয়াই চন্দ্ৰকান্ত সিংহৰ এনে কাৰ্য্যৰ তলানলা সকলো জানিছিল। মানসেনাক পৰাজয় কৰি দেশৰ সম্মান অটুট ৰাখিবৰ গুণে বুঢ়াগোঁহাই ডাঙ্গৰীয়াই অহোপুৰুষাৰ্থ কৰিলে, আৰু সেই অৰ্থে, ৰাজ-ভঁৰালত অনাটন হোৱাত ৰাইজৰ ওচৰত বৰঙ্গণি পেলাই দুই লাখ টকা তুলিবলৈ ৰাজ্যৰ চৌপাশে থকা বিষয়াসকললৈ জনাই পঠালে, আৰু জনালে যে নিজ দেশৰ সন্মান ৰক্ষা কৰিবৰ নিমিত্তে প্ৰতি বিষয়াই যথাসাধ্য আহিলা-পাতিৰে ৰণুৱা পঠিয়াই দিয়ে যেন।
বৰ্ত্তমান নগাঁও জিলাৰ পৰা প্ৰায় দেৰকুৰি মাইল মান আঁতৰত
৩০