মই নিজে তবধ মানিলোঁ; নগৰীৰ প্ৰলোভনত পৰি মই কক্বক্ কৰিবলৈ ধৰিলোঁ। কাৰণ, সেই নগৰলৈ অতি দূৰ নজনা দেশৰপৰা মই এগৰাকী যুৱতীৰ প্ৰেমপাশ মই শত যত্নেৰেও এৰাব নোৱাৰিলোঁ। বিজুলীৰ নিজম শান্ত সৌন্দৰ্য্য; আৰু মোহিনীৰ সৰ্ব্বজয়ী লাৱণ্য যাৰ কাৰণে মই তেওঁৰ চৰণত চকুলোৰে আত্ম বিসৰ্জ্জন কৰিছিলোঁ—তুলনাত দুয়োৰে ভিতৰত এটি অভিনৱ সামঞ্জ্য পালোঁ। দুয়ো যেন একেজন খনিকৰৰ একে কল্পনাৰপৰা ওলোৱা দুখনি প্ৰতিমা মাথোন। মোহিনীৰ চকুদুটি একেথৰে চাই থাকিলে মোৰ হৃদয়ত দুটা উষণ নয়নৰ স্মৃতি জ্বলি উঠিছিল।
মোৰ বিয়া হৈ গল। মই নিজে নিমন্ত্ৰণ কৰা অভিশাপৰতো শূং-সূত্ৰকে দেখা নেপালোঁ। কিন্তু এবাৰহে মাথোন—এবাৰ—বহুত দিনৰ মূৰত মোৰ খিলিকিয়েদি দুটিমান হুমুনিয়াহ আহি অন্তৰত স্মৃতিৰ দাবানল জবলাইছিল। মই সেই নিজম নিতাল নিশা সেই হুমুনিয়াহৰ লগে লগে যেন কোনো চিনাকী কণ্ঠৰপৰা এই মঙ্গল বাণীও শুনিছিলোঁ,
“শোৱা, লাহৰী শান্তিৰে শোৱা। প্ৰণয় সদাই সকলো ঠাইতে জয়ী। মোহিনীক তোমাৰ প্ৰেমাকুল হৃদয়ৰ এচিতীয়া অধিকাৰিণী কৰাৰ বাবে তোমাৰ কোনো দোষ হোৱা নাই, আৰু বিজুলীৰ আগত কৰা অঙ্গীকাৰৰো বাস্তৱতে লঙ্ঘন হোৱা নাই। ইয়াৰ প্ৰকৃত কাৰণ স্বৰগত জানিব পাৰিবা। সম্প্ৰতি ইয়াকে জানিবা যে বিজুলীৰ গাত খন্তেকীয়া জেউতি, মোহিনী আজীৱন কালেই মোহিনী।”
⸻
২৭