কৰিলা, তাৰ বাবে মই তোমাক নিতৌ ৰখি থাকিম। যদি সম্ভৱ হয় নীৰৱ নিতাল নিশা। মাজে মাজে মোক দেখাও পাবা। যদি ইও অসম্ভৱ হয়, মই যে তোমাক চকু দি নিতৌ তোমাৰ কাষতে আছোঁ তাৰ সঙ্কেত পাই থাকিবা।” এই বুলি কোৱাৰ পাছত নিয়তিৰ দুৱাৰ উজ্জ্বল কৰি বিজুলীৰ চকুৰ একোণত এটি আনন্দৰ ৰেখা জিলিকি উঠিল। সৰ্গদূতৰ ধূপধূনাৰ গন্ধ পালোঁ। তাৰ মূহুৰ্ত্তৰ পাছতে শৰীৰ অৱশ হৈ আহিল, বিজুলীৰ দেহৰপৰা অনিচ্ছা স্বত্তে যেন আতমা অনন্তৰফালে উৰি গুচি গল।
( ৪ )
বিজুলীৰ অন্তৰ্দ্ধানৰ লগে লগে মোৰ জীৱন-নাটৰ প্ৰথম অঙ্কৰ যবনিকা পৰিল।
তাৰ পাছত মোৰ জীৱনৰ দ্বিতীয় অঙ্কৰ সূত্ৰপাত হল। ইয়াৰ পাতনিৰ লগে লগে মই গম পাইছোঁ মোৰ চিন্তাশক্তি ডাৱৰৰ কলীয়া আৱৰণৰ তল পৰি আহিছে। গতিকে বিশ্বাস নকৰোঁ যে এই, দ্বিতীয়ছোৱা কাহিনী স্থিৰ চেতনাৰে লেখিব পাৰিছোঁ। বাৰু যি হওক কওঁ শুনা।—
বিজুলী আতঁৰাৰ পাছত দুখ-বেজাৰত ভালেটি বছৰ অতীত স্মৃতিৰে মেৰখোৱা সেই চিত্ৰাকুঞ্জবনতে কটালোঁ। সেই ঠাইৰ ওপৰত কি এটি মায়া সোমাইছিল যে তাক এৰিম বুলিও এৰিব নোৱাৰিলোঁ। কিন্তু তাৰ সকলো বস্তুৰে মই দ্বিতীয়বাৰ ৰূপান্তৰ লক্ষ কৰিলোঁ। সেউজীয়া ঘাঁহৰ ওপৰত হালধীয়া আৱৰণ পৰিল, গছৰ ফুল শুকাই যাবলৈ ধৰিলে, এনে কি সেই নিমাতী নিজৰায়ো কিবা এটি বিজাতৰীয়া আবেগত কুল্কুল্ কৰিবলৈ ধৰিলে। এচাটি নিদাৰুণ ধুমুহা বতাহে যেন