সেন্দুৰ সানি গছ-লতা-নৈ গিৰি-ভৈয়াম সকলোকে আমি নতুনভাৱে চাবলৈ ধৰিলোঁ। সকলোতে তেতিয়া এটি নতুন চিত্ৰ দেখিলোঁ, সকলো যেন এটি অনন্ত আবেগৰ অনন্ত বিকাশ। ফুলনোহোৱা গছকো ফুলেৰে জক্মক্ হোৱা যেন পালোঁ; ভৈয়ামৰ সৈউজীয়া ঘাঁহৰ ওপৰত প্ৰকৃতিয়ে ৰচা আমাৰ আবেগৰ কুশাসন পালোঁ, চৰাই চিকতিয়েও নতুন ৰূপ ধৰিলে। এইদৰে বছৰচেৰেক নীৰৱে অতিবাহিত হ’ল।
বিজুলী লাবণ্য তপোবনৰ মুনি-কন্যাসকলৰ দৰে আছিল। মই বিজুলীক সৰগৰ অপেচৰা বুলি নকওঁ, কাৰণ সৰগৰ অপেচৰাৰ অপৰূপ সৌন্দৰ্য-মাধুৰী আছে সঁচা, কিন্তু তাত থকা দুৰন্ত লালসাতকৈ তপোবনৰ ইঙ্গুদীতেলৰ বন্তিৰ মৃদু পোহৰৰ দৰে ঋষি-কন্যাৰ স্তিমিত আবেগ মোৰ চকুত বেচি গৌৰৱ-মণ্ডিত যেন লাগে। অপেচৰাৰ বেগময় চিত্ৰিত সৌন্দৰ্যতকৈ মুনি-কন্যাৰ সাত্ত্বিক লাবণ্য মোৰ বেচি ভাল লাগে। মোৰ বিজুলী চিত্ৰাকুঞ্জবনৰ নানাবৰণীয়া ফুলৰ দৰে সৰল অজান আৰু পবিত্ৰ আছিল। তেওঁৰ হৃদয়ত যি আবেগৰ সঞ্চাৰ হয় চকু-মুখত তাৰ অবিকৃত প্ৰতিবিম্ব ফুটি ওলাইছিল। তেওঁৰ অন্তৰৰ নিগূঢ় আবেগ কত দিন মোৰ আগত দাঙ্গি ধৰিলে, সেই গিৰি-কাননৰ প্ৰত্যেক গছ প্ৰত্যেক ফুলে আজিও তাক হয় বুলি কব।
( ৩ )
কিন্তু হায়, কলে কি হব! ফুলৰ জীৱনৰ দৰে মোৰ বিজুলীৰ জীৱনো খন্তেকীয়া হব লগীয়া আছিল। এদিন উচুপি উচুপি বিজুলীয়ে সেই অনিবাৰ্য্য অন্তিম অৱস্থাৰ কথা ক’লে; তাৰ পাছৰেপৰা সকলো কথা-বাৰ্ত্তাতে সেই ভাৱ বিৰিঙ্গিবলৈ ধৰিলে।
২৩