বিজুলী
(১)
মানুহে কয় মই বোলে বলিয়া। কিন্ত সেই বুলি কাৰোবাৰ অন্তৰত কৰুণাৰ কোমল বীণা মোৰ হন্তে কেতিয়াবা বাজি উঠিছেনে? সেই বুলি মোৰ দুখত কাতৰ হৈ কোনোবাই কেতিয়াবা এটুপি চকুলো টুকি মোক সুধিছেনে, তুমিনো বলিয়া কিয়? সকলো নিজ নিজ ভাৱ লৈ বিভোল, এই উন্মাদ-গ্ৰস্তৰ ফালেতো কোনেও উলটি নেচায়। বাৰু, মানিলোঁ মই উন্মাদ, কিন্তু সোধোঁ উন্মাদ প্ৰতিভাৰ বিকাৰ বা ৰূপান্তৰ নহয় নে? সংসাৰৰ যশস্বী অসাধাৰণ চিন্তাযুক্ত সকলো কাম এই মানসিক উন্মাদনাৰ পৰা ওলোৱা নহয় নে? যি সকলে দিঠকত সপোন দেখে, অকল নিশা সপোন দেখা সকলোতকৈ তেওঁলোকৰ জ্ঞানৰ সীমা বেছি; তেওঁলোকে চকুৰ আগতে অনন্তৰ ছয়াময়া দৃশ্য দেখে, আৰু পৰম মহিমাময় ঈশ্বৰৰ সৃষ্টি-ৰহস্যৰ আভাস পায়, পৰমপিতাৰ জ্বলন্ত মূৰ্ত্তিৰ ফালে চাই তেওঁলোকৰ চকু জলক-তবক কৰে। মই নিজে সোধোঁ, বাৰু মই দিঠকত সপোন দেখোঁ বুলি মই বাস্তৱিকতে পগলা নে? মইতো জানো যি ‘মই পগলা নে’ বুলি " আপোনাআপুনি প্ৰশ্ন কৰিব পাৰে তেওঁ বাস্তৱতে পগলা নহয়, তেওঁ অতিচাৰ কল্পনাযুক্ত হে।
বাৰু ধৰা মই উন্মাদ। সেই অনুসাৰে মোৰ মানসিক জীৱনক দোছোৱাত ভগাব পাৰোঁ;—মোৰ বুদ্ধিবৃত্তি যেতিয়া খৰকালিৰ
২০