সমললৈ যাওক

পৃষ্ঠা:পঞ্চমী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পঞ্চমী
 

নীলাম্বৰৰ ধীৰ অচল হৃদয়ৰ আগত তেওঁলোকৰ সকলো চেষ্টা নিষ্ফল হল।

 মুঞ্চিপ নীলাম্বৰৰ বন্ধুত্ব কৃপাদৃষ্টি পাবলৈ আজি অনেকজনৰ একমাত্ৰ অভিলাষ হল। তেওঁৰ জীৱনৰ সুখৰ বসন্ত উভতি অহাত এই কুলিবোৰ আকৌ উভতি আহিল। তেওঁলোকে ক’লে— “এৰা আমাৰ উকীলৰ লৰাহে। আমি সৰুৰেপৰা লৰাৰ বুদ্ধি ভৰসা ভাল জানো।” ইত্যাদি কথাৰে এটায়ে তেওঁক আপোন বোলাবলৈ ধৰিলে। আগেয়ে যিসকলে শীতলাৰ বাৰে-পাচি খুৎ দেখিছিল তেওঁলোকৰ মুখেদি এতিয়া শীতলাৰ অজস্ৰ প্ৰশংসা কবলৈ ধৰিলে, ক’লে, গাৱঁলীয়া ঘৰৰ হলে নো কি হল?শীতলাৰ নিচিনা ৰূপৱতী গুণৱতী ছোৱালী নগৰত বা কেইজনী?”

 মুঞ্চিপৰ পদ পোৱাৰ মাহচেৰেকৰ পাছত শীতলা আইটীৰে সৈতে নীলাম্বৰৰ শুভ বিবাহ সম্পন্ন হৈ গল। তেওঁৰ বিয়াৰ উদ্যোগত জিলাৰ মানুহ উবুৰি খাই পৰিছিল আৰু নিমন্ত্ৰিতেৰে ঘৰ ভৰি গৈছিল।

( ৭ )

 নীলাম্বৰৰ ঘৰত শীতলা আইটীৰ পদৰেণু পৰাত ঘৰ উজ্জ্বল হৈ উঠিল; সেই পোহৰত নীলাম্বৰে এখনি সুখময় নতুন সংসাৰ দেখিলে, ৰামৰতনে আনন্দময়ী জননীৰ প্ৰসন্ন মূৰ্ত্তিত অপূৰ্ব্ব জেউতি দেখা পালে, গৃহস্থালিৰ প্ৰতি অঙ্গতে গৃহলক্ষ্মীৰ সন্তোষৰ মিচিকীয়া হাঁহি বিয়পি পৰিল।

১৯