সমললৈ যাওক

পৃষ্ঠা:পঞ্চমী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পঞ্চমী
 

থাকিল। যেতিয়া তেওঁ ভালকৈ বুজিব পাৰিলে মুঞ্চিপৰ এনে অযাচিত মৰম সমাদৰক এটী স্বাৰ্থপৰ ভাৱে সৰ্ব্বাঙ্গ আৱৰি ৰাখিছে, তেওঁ তেতিয়াৰে পৰা নিমন্ত্ৰণ আদি দলিয়াই পেলাবলৈ ধৰিলে। এনে কি, ভুলেচুকেও তেওঁৰ চাৰি সীমাত ভৰি নিদিয়া হল।

 এইদৰে নীলাম্বৰে যেতিয়া কেবাজনাও কন্যাৱন্ত বিয়ষা-বিষয়াণীৰ আশাত কুঠাৰ মাৰি গাঁৱলীয়া ঘৰৰ জীয়াৰী শীতলা আইটীক বিয়া কৰিবলৈ ওলাল, তেতিয়া তেওঁৰ ওপৰত নিন্দাৰ শিলাবৃষ্টি হল, লোকে তেওঁক গৰিহণা দিবলৈ ধৰিলে, আটায়ে মুখ আমোলাই পুৱা গা ধোওঁতে নৈত, দুপৰীয়া কছাৰীঘৰত, গধূলি চ’ৰাঘৰৰ মেলত কোৱামেলা কৰিবলৈ ধৰিলে—‘ইমান লেখা-পঢ়া শিকি অৱশেষত নীলাম্বৰৰ এই গেলা বৰালীতহে চকু পৰিলগৈ।

 এনেতে এদিনা গৱৰ্ণমেণ্টৰপৰা নীলাম্বৰে এখনি টেলিগ্ৰাম পালে, তেওঁ মুঞ্চিপ পদত নিযুক্ত হৈছে। এই বতৰা শুনি সকলোৱে চমক খালে, শত্ৰুৱে লাজত তলমূৰ কৰিলে; ভৰিত কাৰ্পেটৰ জোতাৰ ওপৰত ৰেছমৰ হাফ্‌মোজা পিন্ধা, ফিৰ্‌ফিৰীয়া পাতৰ চাদৰ আৰু সোণৰ ঘৰিৰে শৰীৰ শুৱনি কৰা, নানাবিধ এচে্‌নচ্‌ গোন্ধ-তেলেৰ মূৰৰ চুলিৰ সুবাস বঢ়োৱা মুঞ্চিপতনয়সকলে নীলাম্বৰে এই পদবী পোৱাত একেবাৰে কোঁচ খালে। তাহানি বোলে কোনোবা এজন উচ্চাকাংক্ষী ৰজাই নগৰত অসংখ্য বন্তি জলাই চন্দ্ৰ -কিৰণক পৰাস্ত কৰিব খুজিছিল। এতিয়া মুঞ্চিপৰ সন্তানসকলেও হীৰা-পতোৱা সোণৰ আঙ্গঠি আক জক্‌মক্‌ সোণৰ চেইনৰ উজ্জ্বলতাৰে নীলাম্বৰক নিষ্প্ৰভ কৰি দিবলৈ চেষ্টা কৰিলে। তাত কৃতকাৰ্য্য নহৈ, তেওঁলোকে নীলাম্বৰ-শীতলাৰ বিয়াখন ভাঙ্গিবলৈ বৰ পুৰুষাৰ্থ কৰিছিল, কিন্ত

১৮