সমললৈ যাওক

পৃষ্ঠা:পঞ্চমী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পঞ্চমী
 

( ৫ )

 ইতিমধ্যে শুকুলা গাওঁবুঢ়াৰ লোকান্তৰ হোৱাত তেওঁৰ বিধবা পত্নী চৈধ্যবছৰীয়া ছোৱালী শীতলা আইটিৰ নিমিত্তে বৰ চিন্তাত পৰিছে। বিধবাৰ নিজৰ নিমিত্তে একো চিন্তা নাই, কিন্তু তেওঁ যুৱতী জীয়েকৰ নিমিত্তে নিতৌ শঙ্কাত থাকিব লাগে। দুখীয়াৰ শত্ৰু সৰহ, কি জানি বা কাহানি কাৰোবাৰ মুখত কি দুৰ্যশ-কলঙ্ক ওলায়—এই আঠাই চিন্তাত বিধবা সদাই মগন।

 বিদেশত থাঁকোতেই নীলাম্বৰে গাওঁবুঢ়াৰ মৃত্যুৰ কথা শুনে, বুঢ়াৰ মৃত্যুত নীলাম্বৰে দ্বিতীয়বাৰ পিতৃহীন হয়। এতিয়া আহি তেওঁ ৰামৰতনৰ মুখে সকলো শুনিলে। গাওঁবুঢ়াই মৃত্যুৰ পূৰ্ব্বে ঘৈণীয়েকক আৰু জীয়েকক এই বুলি কৈ যায়—“কেতিয়াবা দুখত পৰিলে আমাৰ নীল বোপাৰ ওচৰত হাত পাতিবি, আন কাৰো ওচৰত নেলাগে।” অন্নদাতা গাওঁবুঢ়াৰ এই অন্তিম বাণী শুনাত তেওঁৰ দুধাৰি কৃতজ্ঞ চকুলো বৈ গল, তেওঁৰ হৃদয়ত আগৰ কথাবোৰ এটিএটিকৈ উদয় হল; সকলোৱে যেন তেওঁক হানিছে খুচিছে, অকল শুকুলা গাওঁবুঢ়াই দুই বাহু মেলি যেন তেওঁক আকোৱাল মাৰি ধৰিছে। তেওঁ ঘৰলৈ অহাৰ পাচদিনাখনেই গাওঁবুঢ়াৰ ঘৰলৈ গল।

 শীতলা আইটীৰ আজিকালি আগৰ অৱস্থা নাই। তেওঁৰ প্ৰতি অঙ্গতে নৱ যৌৱনৰ নবীন সৌন্দৰ্য্য লাৱন্য-মাধুৰী বিয়পি পৰিছে। এডালি কুসুমমঞ্জৰিত লতা বতাহে উৰাই আনি যেন এই বিধবাৰ পুষ্পহীন চোতালত পেলাই দিছেহি। তেওঁক অলক্ষিতে আহি যৌৱনে আবৰি ধৰিছে। শীতলা আইটীৰ এই যৌৱনশ্ৰী দেখি বিধবাৰ যিমান

১৪