সমললৈ যাওক

পৃষ্ঠা:পঞ্চমী.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পঞ্চমী
 

সমানে একে শাৰীতে ৰাখিবলৈ যত্ন কৰে। তেওঁলোকে আনৰ যশস্যা-উন্নতি দেখিব নোৱাৰে; লোকৰ বিষয়ে মিছা কুৎসা ৰটাই নিজৰ উন্নতিৰ যি অলপ আশা আছিল তাৰ গুৰিতে নিজে বাগী কুঠাৰ মাৰে। এনে অহিতকাৰী নিন্দুকো নীলাম্বৰে বহুত পাইছিল। কিন্তু অধ্যাপক সকলৰ কৰুণাদৃষ্টি স্নেহবাক্য পাই, জনচেৰেক সজচৰিত্ৰ সুহৃদয় বন্ধুৰ মিলন সঙ্গ সুখ লভি নীলাম্বৰে শত নিন্দুকৰ বাক্যবাণৰ জালা যন্ত্ৰনা পাহৰি থাকিব পাৰিছিল। তেওঁ দোপতদোপে শিক্ষামহলাত উঠি যাবলৈ ধৰিলে। আকাশৰ জ্যোতিষ্কমণ্ডলীৰ মাজেদি কোনো অধিকতৰ উজ্জ্বল গ্ৰহ বা নক্ষত্ৰ গলে যেনেকৈ কম জ্যোতিৰ তৰাবোৰে কক্ষভ্ৰষ্ট হোৱাৰ নিচিনাকৈ উফৰি উফৰি বাট এৰি দিয়ে, সেইদৰে নীলাম্বৰৰ মানসিক উজ্জলতাৰ আগত কৰ্ম জ্যোতিৰ প্ৰতিযোগিসকল ক্ৰমাত জঁয় পৰি আহিল।

 চাৰি বছৰ কলেজত পঢ়ি তাত অশেষ প্ৰকাৰৰ শিক্ষা অভিজ্ঞতা লাভ কৰি অতি সন্মানেৰে বি, এ, উপাধি লৈ নীলাম্বৰ ঘৰলৈ উভতি আহিল। ইতিমধ্যে তেওঁ বৃত্তিৰপৰা মাজে মাজে ৰামৰতনলৈ টকা পঠিয়াই ঘৰদুৱাৰৰ বহুত উন্নতি সাধিলে। ৰামতনেও নীলাম্বৰক নিজৰ সন্তানৰ দৰে মৰম কৰি উদং ঘৰখন ধৰি আছিল। বিদেশৰ পৰা খিতাপেৰে অলঙ্কৃত হৈ অহা নীলাম্বৰক আদৰ অভ্যৰ্থনা জনাবলৈ ঘৰত আন কেও নাছিল;—আছিল এক মাথোঁ সৰলহৃদয় একনিষ্ঠ বিশ্বাসী পিতৃতুল্য ৰামৰতন। বি-এ উপাধি পোৱাৰ পাছত নীলাম্বৰে মুঞ্চিপৰ পদৰ নিমিত্তে গৱৰ্ণমেণ্টলৈ আবেদন কৰিলে, গুণীৰ গুণ বুজোঁতা গৱৰ্ণমেণ্টৰ ওচৰত নীলাম্বৰৰ প্ৰাৰ্থনা পূৰ্ণ হব বুলি ঘুনুক্‌-ঘানাক্‌কৈ খবৰ ওলাল।

১৩