বসন্তৰ ঠাইলৈ উৰি গল। ঘৰত যি চাক-বাকৰ আছিল সিহঁতেও বোপাদেউৰ ফালে উলটি নেচাই আন জীৱিকাৰ উপায় চিন্তিলে। মাথোন ৰল সৰুৰে পৰা তুলি-তালি ডাঙৰ দীঘল কৰা হিন্দুস্থানী ভৃত্য ৰামৰতন। সুখত লালিতপালিত নীলাম্বৰৰ এই দুখৰ জীৱনৰ পাতনি হোৱাত ৰামৰতনৰ ৰিপুৰ বলবান্ দেহৰ মাজত বৈ থকা কৰুণাসোঁত আগতকৈ আৰু প্ৰবল বেগে ববলৈ ধৰিলে। ৰামৰতনে পোনতে নিজৰ হাতত থকা টকাৰেই নীলাম্বৰৰ পঢ়া-শুনা খোৱাবোৱাৰ খৰচ চলাবলৈ ধৰিলে, কিন্তু সেই টকাৰ যেতিয়া অন্ত পৰিল তেতিয়া সিয়ো বিমোৰত পৰিল।
জিলাৰ ৰত্নধৰ মুঞ্চিপ স্বৰ্গীয় পীতাম্বৰ উকীলৰ লগত হৰিহৰ-আত্মা আছিল। এই কথা সুঁৱৰি ৰামৰতনে ভাবিলে এবেলি এইজনা মুঞ্চিপৰ কাৰ্যত অলপ সহায় খোজা যাওক, কিন্তু সংসাৰভাৰত জৰ্জ্জৰিত পেপুৱা লগা ৰত্নধৰ মুঞ্চিপৰ আগত যেতিয়া ৰামৰতনে সহায় খুজিলে, মুঞ্চিপে “জুয়া-চোৰ হিন্দুস্থানী” বুলি তাক ঘৰৰ বাজ কৰি দিলে। ঘৰৰ পৰা অপমান কৰি বাজ কৰি দিওঁতাবোৰক এসেকা দিবলৈ ৰামৰতনৰ দেহত প্ৰচুৰ বল শক্তি আছিল, কিন্তু লাঞ্ছিত ৰামৰতনে সেই বলৰ ব্যৱহাৰ নকৰি এখুজিদুখুজিকৈ নিজৰ ঘৰ পালেহি। এইদৰে ৰামতনে পীতাম্বৰৰ জীৱন-সখা কেবাজনা ডাঙৰীয়াৰ পৰাও লাঞ্ছনা ভোগ কৰে। এই লাঞ্ছনা সি সহিলে কাৰ নিমিত্তে? অকল নীলাম্বৰৰ কাৰণে। সেই অপমানৰ প্ৰতিশোধ ললে তাৰ কাৰাদণ্ড হব পাৰে, হলে নীলাম্বৰক প্ৰতিপাল কৰিব কোনে? এই আশঙ্কাত তাৰ সপ্ত পুৰুষৰ বল-বীৰ্য্যৰ অপমান আনি ৰামৰতনে নিমাতে সকলো সহি থাকিল।
৮