সমললৈ যাওক

পৃষ্ঠা:পঞ্চমী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তেতিয়া আৰু এতিয়া।

( ১ )

 জিলাৰ নামজলা উকীল পীতাম্বৰ হাজৰিকাই অন্তিমৰ আগ-জাননী নোপোৱাৰ গতিকে সংসাৰৰ একো ব্যৱস্থা নকৰাকৈ যেতিয়া চিৰকাললৈ ইহ জগতৰপৰা বিদায় ললে, তেওঁৰ একেটি সন্তান চৈধ্যবছৰীয়া লৰা নীলাম্বৰ অকলৈ সংসাৰ-সমুদ্ৰত কক্‌বক্‌ কৰিবলৈ ধৰিলে! স্বৰ্গীয় পীতাম্বৰ হাজৰিকা এজন বৰ খৰচী ভদ্ৰলোক আছিল। তেওঁৰ আয় যিমান খৰচ দহগুণ আছিল। দুখিত নিৰাশ্ৰয়ৰ কৰুণ প্ৰাৰ্থনা শুনিলে তেওঁৰ হৃদয় দয়াৰ্দ্ৰ হৈছিল, তেওঁৰ টকাৰ মোনাৰ বান্ধো লগে লগে ঢিলা হৈ পৰিছিল, তেওঁ দুখীয়াৰ হয় মোচন নকৰাকৈ ভাতৰ পাতত নবহিছিল। তেওঁৰ জীবিতাৱস্থাতে তেওঁলোকৰ একেটি সন্তান নীলাম্বৰক মাতৃহীন কৰি তেওঁৰ সহধৰ্ম্মিণীৰ লোকান্তৰ ঘটে। মাতৃবিয়োগৰ পাছত পিতৃৰ স্নেহময় ডেউকাৰ তলতে নীলাম্বৰে উম গৈ আছিল; এদিন তেওঁৰ দেউতাকেও তেওঁক ঘাটমাউৰা কৰি সংসাৰত নিজ ডেউকাৰ বলেৰে উৰিবলৈ এৰি দি নীৰৱে চকুলো টুকি ইহ জনমলৈ বিদায় ললে!

 দেউতাকৰ যি সম্পত্তি আছিল দেনদাৰবিলাকে টকাত মাৰি লৈ গল; যিবিলাকৰ বন্ধুত্ব, মিঠা মাত, আপোন বচন পাই পীতাম্বৰ হাজৰিকাই তেওঁৰ কষ্টাৰ্জ্জিত টকালৈ কেৰেপ নকৰি টকাক খোলাকটিৰ দৰে বিলাইছিল, পুতেক নীলাম্বৰৰ জীৱনত দুখৰ ঘন-বাৰিষা অহাত সেই বসন্ত-কোকিলবোৰ সিহঁতৰ মৃদু মৌসনা জুৰুৱা মাত এৰি নতুন