এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পঞ্চমী
চেৰেকৰ পিচত বৰুণাই এখন চিঠিৰ লেফাফাৰ ওপৰত পুষ্পৰ নামটো লিখি বিজোগৰ কাৰণে ককায়েকৰ মেজতে থৈ দিলে। ককায়েকে উদ্দেশ্য বুজি তাৰ ওপৰত পুষ্পৰ পূৰা ঠিকনাটো লিখি আকৌ মেজৰ ওপৰত থৈ দিলে। ইমান দিনৰ মূৰত বৰুণাৰ মনৰ বাঞ্ছা সিদ্ধি হল। তেওঁ ততালিকে সেই চিঠি ডাকত দিয়াই পুষ্পৰ অহাৰ দিন গণিবলৈ ধৰিলে।
( 8 )
বৰুণাৰ কোমল অন্তৰৰ কোমল কথাৰে পৰিপূৰ চিঠিত পুষ্পৰ মানভঞ্জন হল। তেওঁ প্ৰতিজ্ঞা অনুসাৰে ঘৰলৈ আহিল। ইফালে বৰুণাই পুষ্পক আগ-জাননী নিদিয়াকৈয়ে তেওঁৰ ঘৰ ওলালগৈ। তেতিয়া প্ৰায় দহমান বজা ৰাতি। পুষ্পই হাতত বাইৰণৰ গ্ৰন্থাৱলী লৈ একান্তমনেৰে পঢ়িব লাগিছে, এনেতে দেখে দুৱাৰত মূৰ্ত্তিমতী অসমীয়া সৌন্দৰ্য্য। বৰুণাই পুষ্পৰ কাষ চাবি তেওঁৰ হাতত লাহেকৈ টিপা এটি দি কলে,—“এতিয়াচোন আহিলে?” পুষ্পই বুজিলে বৰুণাৰ হৃদয় শিলা নহয়, ফুল হে॥
⸻