পুষ্প।—যেতিয়ালৈকে তুমি মোক চিঠি দি নামাতা, তেতিয়ালৈকে জানিবা মই প্ৰবসুৱা।
বিদায় কালত প্ৰেম সদাই জয়ী হয়, কিন্তু বৰুণাৰ আগত আজি সেই প্ৰেমে ঠাইকে নাপালে। সেই দিনাই পুষ্প কলিকতালৈ গুচি গল। ইফালে বৰুণাও মাকৰ ঘৰলৈ গুচি আহিল।
পুষ্প যেতিয়৷ ঘৰৰপৰা ওলাই যায়, তেতিয়া বৰুণাৰ প্ৰাণ চিৰিং কৰে গল। তেওঁৰ গোটেই শৰীৰত তাড়িত-প্ৰবাহ যেন ববলৈ ধৰিলে; তেওঁৰ ইচ্ছা আছিল পুষ্পক যেন বাটৰপৰাই ওভোতাই আনে; কিন্তু লাজে বিধি পথালি দিলে।
( ৩ )
বৰুণা মাকৰ ঘৰলৈ আহিল সঁচা, কিন্তু তেওঁ তাত যি সুখ পাম বুলি আশা কৰিছিল তাক নাপালে। বৰুণাৰ আজি আগৰ অৱস্থা নাই; সেই চঞ্চলমতি বৰুণা আজি প্ৰশান্তসাগৰৰ দৰে ধীৰ, আৰু গ্ৰীক দেবী মিনৰ্ভাৰ দৰে গহীন। তেওঁ আইতা-দেউতাকৰ আগত আগৰ দৰে ওলাইসোমাই ফুৰিবলৈ লাজ কৰে, চালুকীয়া হৰিণাটিৰ দৰে অলপ চুচুক-চামাককৈ ফুৰে। পুষ্প কলিকতালৈ যোৱাৰ দিন ধৰি বৰুণাৰ মনত যেন কি-এটা-শূন্য ভাৱ। তেওঁ কাম-কাজ সকলোতে অন্যমনস্কা। তেওঁৰ চকু দুটি দেখিলেই বুজা যায় যেন তেওঁ কিবা এখন কল্পনা-কাননত হে ভ্ৰমি ফুৰিছে, ঘৰত তেওঁৰ যেন অকণকে মন নাই। পুষ্পৰ শেষ ব্যৱস্থা—“তোমাৰ চিঠি নোপোৱালৈকে মই প্ৰবসুৱা”—এই কথা প্ৰতিদিনে প্ৰতিমুহূৰ্ত্তে বৰুণাৰ হৃদয়ত বাজিবলৈ ধৰিলে। তেওঁ আৰু ৰব নোৱাৰিলে; ভাবিলে এখন চিঠিকে দিওঁ। ইয়াকে
৪