সমললৈ যাওক

পৃষ্ঠা:নোমল (ধেমেলীয়া নাট).pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নোমল

মাক, এই কথাষাৰ ভালকে কৈছ। ই কথাই কথা নহয়, গোখাঁই-ঈস্পৰৰ আগতে লৰাপোৱালিকণ দিওঁকৈ পেলাই, তেখেতে যিহকে কৰে কৰক,-মাৰে মাৰক, তাৰে তাৰক, ৰাখে ৰাখক, বোলোঁ যি-যি-যি কৰে কৰক; আমি মতা তিৰোতাহালে ধৰি মহে যুঁজাদি যুঁজিও দেখোন পাঁচোটাৰ এটাকো ৰাখিব নোৱাৰিলোহঁক। তই কি কৱ?—উহু! লৰাৰ মাক, মই তোৰ কথা নুশুনো, মই আমাৰ গোখাঁই-ঈস্পৰৰ চৰণত লৰাপোৱালিকণ পেলামেই পেলাম; তই হকা-বধা কৰিলেও নুশুনো, বোলো পেলামেই পেলাম; দিম গৈ পভু ঈস্পৰৰ চৰণত পেলাই; পভু-ঈস্পৰে মাৰক, ৰাখক, কাটক যি-যি-যি কৰে কৰক।

 নিচলী— কিনো কয় ঐ এওঁ! মই আকৌ হকা-বধা কৰিবলৈ যাম কিয়? ময়েহে দেখোন তোমাক যাবলৈ কলো। কিন্তু তুমি লৰাপোৱালিফেৰা লৈ যাব নেলাগে। কি কৰিবা মই কওঁ শুনা—মই ন গামোছা এখন বৈ থৈছোঁ, তাকে সিকি এটাৰে সৈতে লৈ যোৱা; তাকে গোখাঁই-ইষ্পৰৰ আগতে থৈ দীঘল দি পৰি লৰালৈ নিৰ্ম্মালি আৰু পৰ্সাদ খুজি আনিবা; আৰু ভাল চাই নাম এটাও মাগি লৈ আহিবা। এমহীয়া পানীকেচুৱা লৰাটো লৈ ইমানখন বাট যাব নেলাগে। আৰু মই লগত নগলে তুমি অকলৈ তাক লৈয়ো যাব নোৱাৰা।

 নাহৰ-ফুটুকা—ৰবি, ৰবি, তই কেপ-কেপাই নাথাকিবি, মই কথাষাৰ আকৌ ভালকৈ জিজ্ঞাস কৰি চাওঁ। (অলপ টভক মাৰি থাকি) ঠিক, ঠিক, ঠিক হৈছে, মই লৰাপোৱালিকণ লগত