সমললৈ যাওক

পৃষ্ঠা:নোমল (ধেমেলীয়া নাট).pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২
নোমল

মোক হাঁহিছে। (টেকেলাক হুকুম দিয়ে) ধৰ কটা কুকুৰক! ইয়াৰ ইমানটো সাহ! ইয়াক ধৰি আনি ভালকৈ এখুন্দা দে!

[টেকেলাই নাহৰ-ফুটকাক ধৰি আনি কিলাই পেলাই থৈ যায়। বৰবৰুৱা গুচি যায়।

 নাহৰ-ফুটকা—(লাহে লাহে কেঁকাইগেঁথাই উঠি, ৰিঙিয়াই যায়) “উঃ সিটোতকৈ ইটোহে চ’ৰা!” “উঃ সিটোতকৈ ইটোহে চ’ৰা।

এটা গোধা আৰু এটা গঁৰলীয়া বাটৰুৱা
মানুহৰ প্ৰৱেশ।

 গোধা—(গঁৰলীয়ালৈ চাই) ইকটা আমাকেহে এই দৰে হাঁহিছে হবলা?

 গঁৰলীয়া—নহয় নো কি? আমাকেই তো হাঁহিছে!

 গোধা—আহা, ধৰি কুকুৰক দিওঁ ভালকৈ এখুন্দা!

[দুয়ো ধৰি নাহৰ-ফুটুকাক চোৰকিলোৱদি কিলাই।
লবেজান কৰি পেলাই থৈ যায়।]

⸻⸻