সমললৈ যাওক

পৃষ্ঠা:নোমল (ধেমেলীয়া নাট).pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮
নোমল

(দেউৰিলৈ চাই) দেউৰি, বুঢ়াক ফুল নিৰ্ম্মালি দিয়া। বুঢ়া যা, তোৰ লৰা আৰু নমৰে; তাৰ নাম নোমল দিলো।

 নাহৰ-ফুটুকা—(দুবাৰ তিনিবাৰ মুৰ দোৱাই সেৱা কৰি) পভু ঈষ্পৰৰে কিৰ্পাত পভুঈষ্পৰৰে লৰা এটি বাঢ়িল; বন্দীৰ নো কি? বন্দা আজি আছে, কাইলৈ নাই।

[সেৱা কৰি নাহৰ ফুটুকাৰ প্ৰস্থান।]

 গোসাঁই—(আলধৰাৰ ফালে চাই) বেলা কিমান হল?

 জয়ৰাম আলধৰা—জগন্নাথ, ভালেখিনি হৈছে। (শিষ্য আৰু ভকতসকলক) আপোনাসকলে গা তোলক।

[সকলোয়ে গোসাঁইক সেৱা কৰি উঠি যায়।
মাত্ৰ আলধৰাৰে সৈতে চাৰিজন ডেকা
ভকত থাকে।]

 গোসাঁই―(এজন ভকতক) নিৰ্ম্মল, ম‍ই শিকোৱা সেই গীতটো তোৰ মুখত আহিল নে?

 নিৰ্ম্মল—আহিছে প্ৰভু জগন্নাথ।

 গোসাঁই—ময়ো ৰচা বঙ্গলা নাটখন কালি শেষ হল।

 মুহি বায়ন—অধিকাৰ ঈশ্বৰৰ তিথিও ওচৰ চাপি আহিছে; ভাৱনালৈ এতিয়াৰেপৰা আখাৰা দিলেহে হব।

 গোসাঁই—এৰা, কালিৰপৰা সকলো ঠিক কবি আখাৰা দিবলৈ লগাই দিয়া। বঙ্গলা নাট; অলপ আগৰেপৰা ধৰিলে হে সকলোৰে ভালকৈ মুখত আহিব, আৰু উঠাৰণ শুধ হব।

 কেহোঁৰাম গায়ন—হয় প্ৰভুজগন্নাথ; বঙ্গলা নাটৰ বৰ তেজ। অঙ্কীয়া নাটৰ নিচিনা তো আৰু সি মেৰমেৰীয়া নহয়।