সমললৈ যাওক

পৃষ্ঠা:নোমল (ধেমেলীয়া নাট).pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
নোমল

 গোসাঁই—ইয়াক তিনিটা বাঘ-ঢকা মাৰি, ৰদৰ ফালে মুখ কৰাই, পাছলৈ হাত কৰি বন্ধোৱাই থোৱা হওক!

[ চতাইক সেইদৰে দণ্ড
দিবলৈ লৈ যোৱা হল। ]

 পাচনী—জগন্নাথ, এই বুঢ়াটোৰ নাম নাহৰ–ফুটুকা। ইয়াৰ ঘৰ ৰংপুৰত। ই জগন্নাথৰে সেৱক। ই কিবা তাৰ লৰালৈ নাম লৈ যাবলৈ আহিছে।

 গোসাঁই―( ৰাজমেধিলৈ চাই ) শোধা তাক কি নাম লাগে?

 ৰাজমেধি—( নাহৰ-ফুটুকাক ) তোক কি নাম লাগে অ?

 নাহৰ-ফুটুকা—( কৰযোৰ কৰি )মোৰ ঈষ্পৰ। দুখানি চৰনৰ কিৰ্পাত বন্দীৰ লৰাপোৱালি এফেৰি হৈছে। আজি এমাহ। পাঁচটা মৰি যোৱাৰ পিছত আকৌ এইফেৰি পাইছে মোৰ ঈষ্পৰ বন্দীয়ে। ঘৰৰ ঘৈণীজনীয়ে কলে বোলে “এইবাৰ তুমি আমাৰ গোঁখাঁইৰ ঘৰলৈ যোৱা গৈ সকলো কথা-বতৰা কৈ মেলি নিৰ্ম্মালি পৰ্সাদেৰে সৈতে ভালকৈ নাম এটিকে লৈ আহাঁগৈ; লৈ আহি মোৰ পোনাক দিয়াহি, গোখাঁই ঈষ্পৰৰ কিৰ্পাত এইবাৰ লৰাফেৰি কিজানি ৰয়েই।” মই বৰ দুখীয়া মানুহ মোৰ ঈষ্পৰ বন্দী। নিঃকিন বন্দী পভু-ঈষ্পৰ। মোৰ কি আছে, কি দিম? পৰ্ভু -ঈষ্পৰৰ বেটীজনীয়ে নকৈ গামোছা এখনি বৈছিল—লৰাৰ জঞ্জালত ববলৈ আহৰি নাপায়—সেইখনিকে সিকি এটাৰে সৈতে পভুঈষ্পৰৰ দুখানি চৰণলৈ আগবঢ়াবলৈ বুলি লৈ আহিছো দুখানি চৰণ।

 গোসাঁই—বেছ হৈছে, ভাল হৈছে। তোৰ লৰাটো এইবাৰ নুমলীয়াকৈ হৈছে, সেইদেখি তাৰ নাম নোমল দিলো।