সাধুৰাম— অৱশ্যে প্ৰভুজগন্নাথৰ দৰে মোৰ সংস্কৃত শাস্ত্ৰত দখল নাই; সেইদেখি শ্লোক মাতি মই মোৰ কথাৰ প্ৰমাণ সম্প্ৰতি দিব নোৱাৰোঁ। তথাপি এইটো নিঃসন্দেহে প্ৰভুৰ ওচৰত নিবেদন কৰিব পাৰোঁ যে বেদতে অব্ৰা হ্মণৰ অৰ্থাৎ ব্ৰা হ্মণৰ ঔৰসজাত নোহোৱা লোকৰ চৰিত অনেক শ্লোক আছে। আৰু ব্ৰাহ্মণ জন্ম হৈ ভ্ৰষ্ট হৈ শূদ্ৰত্ব পোৱা, আৰু শূদ্ৰ হৈও ব্ৰাহ্মজ্ঞান লভি ব্ৰাহ্মণত্ব পোৱাৰ অনেক উদাহৰণ বেদ, পুৰাণত আছে। গীতা ভাগবতে যে ব্ৰ হ্মণক হে সেই সেই শাস্ত্ৰ পঢ়িবলৈ অধিকাৰ দিছে এনে নহয়; সকলোকে দিছে। বৰং ভাগৱতৰ মতে ঈশ্বৰ কৃষ্ণত শৰণ লোৱা প্ৰকৃত বৈষ্ণব, শূদ্ৰৰ কথাই নাই, চণ্ডাল হলেও, সেই অবৈষ্ণৱ দ্বাদশগুণীয়া বিপ্ৰতকৈও শ্ৰে বুলি কৈছে। আৰু প্ৰভুৱে যাক দীক্ষা বুলিছে, সেয়ে শৰণ। পণ আৰু দীক্ষা দুটা বিভিন্ন বস্তু নহয়। বৈষ্ণবৰ পক্ষে শৰণেই দীক্ষা, দীক্ষাই শৰণ। ভাতক “মাম” মাছক “জিজি” বুলি খোৱা যি, ভাত আৰু মাছ বুলি খোৱাও সি। মহাপণ্ডিত ব্ৰাহ্মণশ্ৰেষ্ঠ পৰম বৈষ্ণৱ অনন্ত কন্দলীয়ে “শৰণ সংহিতা” গ্ৰন্থত কৈছে, “শৰণং যত্তুকৃষ্ণস্য সৈব দীক্ষা প্ৰকীৰ্ত্তিতা। তদভাবে ন পুজ্যোহসৌ সৰ্ব্ববেদবি-পিচ॥ বেদাদি প্ৰমাণ্য শাস্ত্ৰতেই আছে যে ব্ৰাহ্মণৰ ঘৰত জন্ম হলেই যে ব্ৰাহ্মণ হবৰ অধিকাৰ পায় এনে নহয়। ব্ৰহ্মজ্ঞান, সদাচাৰ, পবিত্ৰাদিৰ দ্বাৰাই হে জাতৰ প্ৰভেদ হয়। শূদ্ৰইও সদাচাৰ আৰু ব্ৰহ্মজ্ঞানৰ দ্বাৰাই ব্ৰাহ্মণত্ব পোৱা আৰু ব্ৰাহ্মণেও সেইবোৰ বিহীন হৈ ভ্ৰষ্ট হৈ শূদ্ৰত্ব পোৱাৰ উদাহৰণ বেদতে আছে। সেইবোৰৰ নাম উল্লেখ কৰি সৰ্ব্বশাস্ত্ৰজ্ঞ প্ৰভুৰ আগত কবলৈ
পৃষ্ঠা:নোমল (ধেমেলীয়া নাট).pdf/১৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
নোমল