ভদ্ৰলোকসকল আহিব কিয়? প্ৰভুজগন্নাথে অকল ওজা, পাঠক নাম লগোৱা বায়ন, ভাগতী, আলধৰাসকলক লৈয়ে তো থাকিব নোৱাৰে। হাকিম, উকিল, মুক্তিয়াৰ সকলোকে প্ৰভুঈশ্বৰক সততে লাগি থাকে।
গোসাঁই—সেইটো আমি জানো; কিন্তু এজনক আসন দিবলৈ গলে আন এজনে আপত্তি কৰে। আমি তেনে কৰিবলৈ গলে আমাৰ নিজৰ শিষ্যসকলৰ ভিতৰতেই অনেকে আমাক বেয়া বোলে দেখোন।
সাধুৰাম—প্ৰভুজগন্নাথে সকলোকে আসন দি্যাব, যাৰ বহিবৰ মন যায় তেওঁ আসনত বহিব, যাৰ মন নেযায় তেওঁ নবহিব।
ৰাজমেধি— প্ৰভুজগন্নাথৰ আগত আপোনাক মেৰ-ঢৰা বগা থঙা পাৰি দিব লাগে নে কি?
সাধুৰাম—মই মোলৈ মেৰ ঢৰা, বগা ঠঙা বিচৰা নাই; সামান্য কঠ এখন হলেই মোৰ পক্ষে যথেষ্ট। ভাল কানি-কাপোৰ পিন্ধি মাটিত লেটি লবলৈ বৰ আহুকালৰ কথা হয়।
ৰাজমেধি— ইমান মান অপমানৰ জ্ঞান থাকিলে দেখোন প্ৰভু-জগন্নাথৰ ওচৰলৈ নাহিলেই হল। তথাপি সেইবুলি কোনো পুৰুষত নোহোৱা দস্তুৰ এটা আমি চলাওঁ কেনেকৈ। তাৰ উপৰি, গুৰুৰ আগত আজিকালিৰ ডাঙৰীয়াসকলে ইমানটো মধুৰা ভেম নামাৰিলে জানো তাত কিবা হানি আছে?
সাধুৰাম—গুৰুৰ আগত মথুৰা ভেম মৰাৰ কথা হোৱা নাই; উচিত অনুচিত সুবিধা অসুবিধাৰ কথা হে কৈছোঁ। দেশ কাল পাত্ৰ বুজি চলিব লগীয়া কথা হে মই প্ৰভুঈশ্বৰৰ আগত নিবেদন