পাচনী—( নাহৰ-ফুটুকাক ) টোপোলাত সেয়া কি?
নাহৰ ফুটুকা—পিঠাগুৰি। পৰ্ভুঈষ্পৰৰ বেটীজনীয়ে বন্দীৰ লগত বান্ধি দিছিল।
পাচনী—পিঠাগুৰি প্ৰভুজগন্নাথৰ ফালে আগ বঢ়াইছ কিয়?
নাহৰ ফুটুকা—( থোতামোজা খাই ) অ বন্দীয়ে পাহৰিহে তেনে কৰিছিলো। [ পানীগামোছাৰ টোপোলাটো লৰালৰিকৈ তুলি লৈ ন গামোছাখন সিকিটোৰে সৈতে সেই ঠাইতে থয় ] পৰ্ভু ঈষ্পৰৰ দুখানি চৰণলৈ আগবঢ়াবলৈ এই ন গামোছাখন আৰু সিকি এটিহে অনা হৈছে। বন্দীয়ে ভৰ্মত হে সিখন গামোছা আগবঢ়াইছিলোঁ। বন্দীৰ জগৰ দুখানি চৰণে খেমা কৰিব।
[ গোসাঁইয়ে কেৰাহিকৈ চাই ঈষৎ হাস্য কৰে।
পাৰিষদকলেও অলপ হাঁহে।
ৰাজমেধি—( পাচনীলৈ চাই ) সেই বুঢ়াটোক ঢকা গোটাচেৰেক মাৰি ইয়াৰপৰা উলিয়াই দিয়া। এইখন ধেমালিৰ ঠাই পাইছেনে কি?
[ গোসাঁয়ে চকুৰ ঠাৰ দি তেনে নকৰিবলৈ কয়। ]
সাধুৰাম বৰুৱা—( গোসাঁইলৈ চাই ) বন্দীয়ে প্ৰভুজগন্নাথক সেই দেখিহে কৈছিলো বোলো, আগৰ কালৰ দস্তুৰবোৰত বৰকৈ ধৰি থাকিলে আজি কালি নচলিব। পুৰণি দস্তুৰ পুৰণি কালৰ লগতে যোৱাই উচিত, সেইবোৰ ধৰি ৰাখিবলৈ গলেও নাথাকে। আগৰ ৰামও নাই ৰামায়ণও নাই; অসমৰ ৰজাও নাই, পুৰণি অসমীয়া সমাজও নাই। আজিকালিৰ ভাল মানুহ শিষ্যসকল প্ৰভুৰ ওচৰলৈ আহিলে তেওঁলোকক বহিবলৈ আসন দিব লাগে; নিদিলে, জেকা মাটিত লেপেটাকাঢ়ি বহি পঁচি থাকিবলৈ আজি কালিৰ উঠি-অহা