এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬
নোমল
| দুৱৰি ভকত— | তুমি কৰ শিচ? |
| নাহৰ-ফুটুকা— | অ মই কৰ খিচ? কৰ হম? গোখাঁই-ঈষ্পৰৰ খিচ। |
| দুৱৰি ভকত— | বাৰু তেনেহলে যোৱা। |
( ভিতৰৰ কৰাপাট )
| দুৱৰি ভকত— | কৰ মানুহ, কলৈ যায়? |
| নাহৰ-ফুটুকা— | ৰংপুৰৰ মানুহ; গোখাঁই-ঈষ্পৰৰ চৰণ দৰ্শন কৰিবলৈ যায়। |
| দুৱৰি— | কৰ সেৱক? |
| নাহৰ-ফুটুকা— | আকৌ সেই কথা! বোলো মই ৰংপুৰৰ মানুহ, আতাই ৰাম! |
| দুৱৰি— | ৰংপুৰৰ বুলি বুজিছোঁ। তুমি কৰ শিচ? |
| নাহৰ-ফুটুকা— | গোখাঁই-ঈষ্পৰৰে খিচ। (বিৰক্তি ভাবে) কেইবাৰ নো কব লাগে হেঁ? |
| দুৱৰি— | যিমান বাৰ সোধোঁ সিমান বাৰ কব লাগিব। কি কুল? |
| নাহৰ-ফুটুকা— | বৰকোচ। |
| দুৱৰি— | বাৰু যোৱা। বাটতে “হাকিমক” পাবা; “হাকিমক” সেৱা কৰি যাবা। |
| নাহৰ-ফুটুকা— | আমাৰ জিলাৰ হাকিম নে? |
| দুৱৰি— | কৰ নো অকৰা হেঁ তুমি? বোলো আমাৰ সত্ৰৰ হাকিম। |
| নাহৰ-ফুটুকা— | সত্ৰৰ হাকিম! সেইজন কেনেকুৱা? কামুৰিব নে? |
| দুৱৰি— | এইটো বলিয়া নে কি? কিহে কামুৰিব? যোৱা, যোৱা, আগবাঢ়ি যোৱা, কেনে হাকিম দেখিবলৈ পাবা। |
[ নাহৰ ফুটুকা যায়।