সমললৈ যাওক

পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
নীতিমালা

হুৰহুৰাই হাবি ভাঙ্গি দন্‌দমাই ফুৰিছিল। হাবিৰ জন্তুবিলাকে গঢ়-গতি চাই হাতীটোৰ নাম গপৰাজ থৈছিল। গপৰাজ যেনিয়েই যায়, জন্তুবিলাক তেনিয়েই পলাই ফাট মাৰে। গপৰাজ মনৰ সুখেৰে চৰি ফুৰে।

 এদিন এজাক শিয়ালে গপৰাজক দেখি মনে মনে ভাবিলে, যদিহে গপৰাজক কেনেবাকৈ মাৰিব পৰা যায়, তেনেহলে ইয়াৰ মঙ্গহেৰে আমি আটাইবোৰে ছমাহ খাব পাৰিম।” কিন্তু কেনেকৈ মৰা যাব তাৰ মীমাংসা কৰিবলৈ আটাইবোৰ শিয়াল গোট খাই এখন বিৰাট মেল পাতিলে। কিছুমানে কলে, “সোপাই ধৰি যুঁজ কৰি মাৰোঁগৈ।” কিছুমানে আকৌ কলে, “গাঁত খানি তাত পেলাই মৰা যাওক।” কিন্তু কাৰো কথা ঠিক নহল। তৰ্কাতৰ্কি কৰি থাকোঁতেই বহুত সময় গল। তেতিয়া এটা খলুৱা শিয়ালে কলে, “বাৰু, মই চেষ্টা কৰি চাওঁচোন, যদিহে মাৰিব পাৰোঁ, তেনেহলে তোমালোকক কমহি যনিহে নোৱাৰোঁ, তেন্তে আকৌ আন এটা বুদ্ধি সাজিব লাগিব।” এটাইবোৰ শিয়ালে খলুৱা শিয়ালেনো কি উপায় পাঙ্গিছে, তাক কবলৈ কোৰাত সি উত্তৰ দিলে, “জ্ঞানী লোকে কয়— যি পহু মাৰিবা, মাৰিবা বনত। যি কথা কৰিবা, ভাবিবা মনত। এতেকে তোমালোকক মোৰ ভাবটো এতিয়া নকওঁ, কাম কৰি আতাইহে কমহি।” তাৰ কথা আটাইবোৰ শিয়ালে উপ্‌লুঙা কৰি উৰাই দিলে, আৰু তেতিয়াই তাহাঁতৰ মেল ভাগিল।

 খলুৱা শিয়ালে সেইদিনাৰে পৰা হাতীক ফান্দত পেলাবলৈ