এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
এটা দঁতাল হাতী আৰু শিয়ালৰ কথা
পালে গৈ। সেই দিনাৰে পৰা ৰঙ্গায়ে আৰু অবাবত কাল নিনিওৱা হ’ল; আৰু ভালকৈ পঢ়া শুনা কৰি শেহত ডাঙ্গৰ মানুহ হ’ল।
⸻
এটা দঁতাল হাতী আৰু শিয়ালৰ কথা
এসময়ত হাতীধৰা মানুহৰ খেদা খাই নগা পৰ্ব্বতৰ পৰা ভাগি আহি নগাঁওৰ লাপখোৱা হাবিত এটা বৰ ডাঙ্গৰ দঁতাল হাতী সোমালহি। সেই হাবিত আৰু হাতী নাছিল। সেই হাতীটোৱেই