সমললৈ যাওক

পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
নীতিমালা

ধৰা।” কাউৰীয়ে মনত অলপ বেজাৰ পাই কলে, “মোৰ একো আপত্তি নাই। মই খালি জানোঁ অচিনাকী লোকক হঠাতে বিশ্বাস কৰাটো ভাল নহয়। তাৰ উপৰিও তুমি আমি দিনত চৰোঁ, ৰাতি হলে জিৰণি লওঁ। শিয়াল কিন্তু ৰাতি চৰে, দিনত শোৱে। এনে প্ৰাণীৰ ভিতৰত বন্ধুতা হোৱাৰ বৰ ভাল চিন নহয়। বাৰু, তুমি যিহকে ভাল দেখিছা, তাকে কৰাঁ।”

 পিচ দিনা ৰাতিপুৱা শিয়ালে আহি হৰিণাক কলে, “বন্ধু, মই এনেহে এদৰা কোমল ঘাঁহনি পাই আহিছোঁ; মোৰ লগত গলে মই এতিয়াই আপোনাক দেখুৱাই দিম গৈ। আপুনি ঘাহ কেউডালি খাই বৰ সুখ পাব।” শিয়ালৰ কথাতে হৰিণা গল, আৰু ঘাঁহ দেখি মনত বৰ ৰং পাই শিয়ালৰ নথৈ শলাগ ললে, আৰু সেই দিনাৰে পৰা নিতৌ ৰাতিপুৱা তাত চৰিবলৈ ধৰিলে।

 দৰাচলতে সেই দৰা ঘাঁহনি নহয়, ঠহ-ঠহ কৰে গজি অহা ধাননীহে। সদাই কিহবাই ধানবোৰ গুৰিতে টকালি খাই হোৱা দেখি ধাননীৰ গিৰিহঁতে জন্তুটো ধৰিবলৈ এখন জাল পাতি থলে। জালখন দেখি শিয়ালৰ আনন্দত পাৰ নাই। শিষ্টবুদ্ধি আহি জালত পৰিব, এই কথা ভাবিয়েই সেই ৰাতি নিজৰ আহাৰ বিচাৰি খাবলৈকে পাহৰিলে।

 পিচ দিনা ৰাতিপুৱা শিষ্টবুদ্ধি ধানত কামোৰ মাৰিবলৈ নৌ পাওঁতেই জালত বান্ধ খালে। তেওঁ অনেক চেষ্টা কৰিলে, কিন্তু জালৰ পৰা মূকলি হব নোৱাৰিলে। এনেতে তেওঁ শিয়ালক