সমললৈ যাওক

পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
শিয়াল, হৰিণা আৰু কাউৰীৰ কথা

লওক। মই হলে আজিৰ পৰা আপোনাক বন্ধু বলিয়েই ধৰিছোঁ। মোৰ নাম “হুল চচা”।

 শিষ্টবুদ্ধিৰ হিয়া পমি গল। তেওঁ শিয়ালৰ কথাত প্ৰত্যয় মানি সেই দিনাৰেপৰা বন্ধুত্ব স্থাপন কৰিলে। লাহে লাহে ৰাতি হৈ আহিল। শিষ্টবুদ্ধিয়ে হুল চচাক লৈ সদাই ৰাতি জিৰণি লোৱা গছ জোপাৰ তললৈ গল। তেনে সময়তে টেঙ্গৰী বায়ো আহি গছৰ ডালত পৰিলহি।

 টেঙ্গৰীবায়ে সেই দিনা শিষ্টবুদ্ধিৰ লগত শিয়ালক অহা দেখি আচৰিত হৈ শিষ্টবুদ্ধিক সুধিলে, “বন্ধু, এওঁ কৰ পৰা আহিছে? এওঁৰে সৈতে তোমাৰ চিনা জনা আছেনে কি?” শিষ্টবুঙ্গিয়ে কলে, “বন্ধু, এওঁ এজন বন্ধুহীন; বহুত দূৰৰ পৰা আহি আমাৰ লগত সখি বন্ধাই মিলা প্ৰীতিৰে থাকিব খুজিছে, ময়ো তেওঁক সামৰি লৈছোঁ।” এই কথাত টেঙ্গৰীয়ে মাত লগালে, “তোমাৰ অচিনাকী জনেৰে বন্ধুতা কৰাটো যুক্তিযুক্ত হোৱা নাই। জ্ঞানী লোকে কয়, “অচিন কাঠৰ ঠোৰাও লৰ নালাগে।” শিয়ালে কাউৰীৰ পেট বুজি আগবাঢ়ি কলে, “আপুনি কেলেই সৰহ কথা কৰ লাগিছে। শিষ্টবুদ্ধিৰে আপোনাৰে জানো ওপজাৰে পৰা চিনা জনা আছিল? এতিয়া দেখোন আপোনালোক দুয়ো নলে-গলে লগা বন্ধু হৈ পৰিছে।” শিষ্টবুদ্ধিয়ে কাউৰী আৰু শিয়ালৰ ভিতৰত উখনা উখনি হোৱা দেখি মাত লগালে, “তৰ্কবিতৰ্ক কৰাৰ একো সকাম নাই। সকলোটীয়েই বন্ধু ভাবেৰে মিলা প্ৰীতিৰে থাকোঁ হঁক