সমললৈ যাওক

পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
বান্দৰৰ প্ৰতিশোধ

অৱশেষত খাবলৈ নাপাই বান্দৰ শুকাই ক্ষীণাই যাবলৈ ধৰিলে। দাঁত নিকতাই কাউৰী জাকক সি ভয় দেখুৱাই হয়, কিন্তু কাউৰীবোৰে তাৰ ভাবুকিলৈ ভ্ৰূক্ষেপকে নকৰে। কাউৰী খেদাই সি তাৰ নিজৰ পেট পূৰাবৰ আশা নেদিখি অৱশেষত প্ৰতিশোধ লবৰ নিমিত্তে মনতে এটা উপায় স্থিৰ কৰিলে।

 এদিন ৰাতিপুৱা গৃহস্থে বান্দৰক দিবলৈ কিছুমান খোৱা বস্তু নি মাটিতে থৈ গুচি আহিল। এনেতে বান্দৰো ওপৰৰ পৰা নামি আহি চক্ষু মুদি মাটিত মূৰ পেলাই মৰা ভাও জুৰি পৰি থাকিল। কাউৰীবিলাক আহি বান্দৰৰ বেমাৰ হৈছে বুলি জানি বস্তু বিলাকৰ ওচৰত জাকে জাকে পৰি থপিয়া থপিকৈ খাবলৈ ধৰিলে। বান্দৰে চিতলং-পাতলং কৰি বাগৰি বাগৰি কাউৰী জাকৰ মাজ পালত, আটাইবিলাক কাউৰী উৰি গল; কিন্তু এজনী দগা কাউৰীয়ে বান্দৰক অচেতন দেখি ভয় নকৰি বস্তুবিলাক খায় থাকিল। বান্দৰটোৱে পিৰিক পাৰাককৈ কাউৰী জনীৰ ফাললৈ চাই আছিল। কাউৰী জনীয়ে তললৈ মূৰ কৰি বস্তু এটা খোঁট মাৰি ধৰোঁতেই খঙ্গত জ্বলি থকা বান্দৰটোৱে থাপমাৰি তাইৰ ডিঙ্গিত আঁটি ধৰিলে।

 কাউৰী জনীক ধৰি সি আনন্দত বিভোল হ’ল। ইপিনে কাউৰী জাকেও বান্দৰৰ মূৰৰ ওপৰত উৰি উৰি কোঢ়াল কৰি ৰমলিয়াবলৈ ধৰিলে। সি কাউৰী জনীক অলপ পৰ ধৰি থাকি, পিচত আঠুৰ মাজত সুমুৱাই লৈ তাইৰ কাঁড়-পাখিবিলাক এটা