এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
শ্ৰীৰামচন্দ্ৰক জোনটো লগাৰ কথা
কৰিলে। লৰা বুলিলেই “কান্দি ৰণ জিকা।” শ্ৰীৰামচন্দ্ৰয়ো কান্দি কান্দি দুই হাতেৰে জোনটোৰ ফালে দেখুৱাবলৈ ধৰিলে কৌশল্যাই কিন্তু প্ৰথমতে কথাটো বুজ পোৱা নাছিল, অৱশেষত শ্ৰীৰামচন্দ্ৰই জোনটোলৈ আঙ্গুলিয়াই এনেদৰে কান্দিবলৈ ধৰিলে যে ঘৰৰ কেইজনীমান লিগিৰীও আহি ওলালহি। কৌশল্যাই লাহে লাহে বুজিব পাৰিলে যে শ্ৰীৰামচন্দ্ৰক
জোনটোহে লাগে। কিন্তু জোনটো কেনেকৈ দিয়ে? কোনো ৰকমে শ্ৰীৰামচন্দ্ৰক অন্যমনস্ক কৰিবলৈ, নাম-গুণ গাই, ভেৰাকুটি ভূৰুকুটি কৰি নিচুকাবলৈ চেষ্টা কৰিলে হয়, কিন্তু শ্ৰীৰামচন্দ্ৰ একোতে সন্তুষ্ট নহল। কৌশল্যাই নিচুকাওতে কলে, “মইনা, সেইটো জোনবাইহে আমাৰ পৰা বৰ ওখত আছে, আমি তাক কেনেকৈ ঢুকি পাম; তাতে আকৌ সেইটো লৰাই ধেমালি
৫